সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৬
কুলাংগাৰ

কৰি চকু মুদি মুখ ফুটাই প্ৰাৰ্থনা কৰিলে, ‘হে প্ৰভু, চাবা আৰু! দেখিছাই তুমি, অকলশৰীয়াকৈ কি হ'ব ঘৰখন। ইয়াত নিজৰ মানুহ কোনো এটা নাই, সকলো শত্ৰু, সহায় এটা পাবলৈ নাই। প্ৰভু, এতিয়াই নিনিবা আৰু প্ৰভু।' যেন তাইৰ ঈশ্বৰটো সমুখত আহি ৰৈ আছেহি। বাবা তাইৰ গাৰ কাষ চাপি ৰ'ল। তাই বিপুলৰ গাটো মোহাৰি ক’লে, “ভাল হ’ব, ঈশ্বৰে দেখিব। মহাপুৰুষীয়া নাট এভাগ মনতে আগবঢ়াইছোঁ ইয়াৰ পৰাই। মহাপুৰুষীয়া ভাওনা কৰিলে সকলো দোষ খণ্ডন হৈ যায়। সোনকালে ভাওনা এভাগ পাতিম আমি। এতিয়া ভাল হওক যেন আও৷ আপুনি চিন্তা নকৰিব, ভাল হ’ব।’ পৰিস্থিতিটো সম্পূৰ্ণ বেলেগ দেখি বাবাই সুধিলে, “মা, কি হৈছেনো?” তাই তাক এখন হাতেৰে সাবটি ধৰি ক’লে, ‘একো হোৱা নাই, ভাল হ’ব।’ সি আলসুৱাকৈ তাইৰ সাবটটোৰ মাজত সোমাই থাকিল।
 কথাবোৰ শুনি বিপুলে বিষটো অলপ সহ্য কৰি থাকিল। কিন্তু আকৌ এবাৰ বেছিকৈ চেপি ধৰা অনুভৱ কৰিলে সি, ভৰি দুখন কোঁচাই দিলে, কেঁকনি নমৰাকৈ উশাহ-নিশাহ ল'বলৈ চেষ্টা কৰিলে, নাকৰ পৰা বিকৃত শব্দ এটা বাহিৰ ওলাল। সুকন্যাই নিজকে কোৱাৰ দৰে ক’লে, ‘নাটভাগ কেনেকৈ আগবঢ়াই নাজানো। অকণো দেৰি নকৰাকৈ কোনোবা এজনক মাতি আনি ৰাতিপুৱাই আগবঢ়াব লাগিব।’ তাই বাবালৈ চাই ক’লে, ‘অলপ পোহৰ হ’লেই তুমি কোনোবা এজনক মাতিবলৈ যাব লাগিব দেই। ভয় নকৰিবা।’ যেন তাই ঈশ্বৰক কথাটো শুনাব খুজিছে, ঈশ্বৰে যাতে ফাঁকি বুলি নাভাবে।

 বাহিৰত চৰায়ে মাত দিলে, গোহালিত গৰুকেইটাই গা লৰোৱাৰ শব্দ আহিল। বিষটো অলপ কমিল যদিও বিপুলে মাজে মাজে সৰু সৰুকৈ কেঁকনি মাৰি আছে। ৰঘু নেওগক জগাবলৈ সুকন্যাই বাবাক পঠিয়াই দিলে। আগলি কলপাতেৰে তামোল-পাণ এটা বান্ধি মহাপুৰুষীয়া নাট এখন আগবঢ়োৱাৰ পাছত ৰঘু নেওগে ক’লে, ‘মোক ডাঙৰ ল’ৰাটোৱে টেবলেট এফাইল আনি দিছিল, খাই আছোঁ, সেইকেইটাই মোক আৰাম দিছে। তুমিও দুটা খাই চোৱা, কিজানি ভাল হয়। সোনকালে দূৰণিৰ ডাক্তৰ এজনক এবাৰ দেখুৱাই অহাই ঠিক হ’ব। তোমাৰ খুলশালিটো আছেই দেখোন দূৰণিত, তেৱেঁই লৈ যাব পাৰিবচোন।'

 খবৰ দিবলৈ নহওঁতেই চন্দন আহিল। এসপ্তাহ হাতত লৈ বিপুল ওলাল। বিষবোৰ অলপ আছে যদিও খোজ-কাটল দিয়াৰ সমস্যাটো কমিছে, সিদিনা যিটো ভয় খাইছিল সেইটো ভয় এতিয়া নাই, তথাপি ৰাতিপুৱা বিপুলহঁত ওলাই যোৱা দৃশ্যটো পদূলিৰ পৰা চাই বাবাৰ কিবা বেলেগ বেলেগ লাগিল। আগদিনাৰ ধূলিবোৰ তললৈ বহুৱাই বায়ুমণ্ডল পৰিষ্কাৰ কৰি কুঁৱলীটো ইতিমধ্যে আঁতৰি গৈছে, বেলি ওপৰলৈ উঠাৰ পাছতে গৰু-গাই- মানুহবোৰ পথাৰে-বাটে ওলালেহে গোটেইখন আকৌ ধূলিময় হ’ব। কোমল ৰ’দে গাত