সমললৈ যাওক

পৃষ্ঠা:কুলাংগাৰ.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৪
কুলাংগাৰ

 ‘সুঁতি এটা সদায় সদায় পাৰ হোৱাটো! ঘাট পাবলৈও দূৰ আছে ইয়াৰ পৰা!’ বিপুলে চিন্তিত হৈ ক'লে।
 ‘নেওগৰ স্কুলখনো দেখোন তেওঁৰ খেয়াল-খুচি মতেহে চলে। সেইখনো স্কুল হৈ থকা নাই। বেলেগে উপায় নাই। সেইটো চাপৰিত আগৰ ভাল মানুহ কেইঘৰমান আছেই, এতিয়াও শনিবাৰে শনিবাৰে স্কুলত মইনা-পাৰিজাত বহে, গতিকে সি নাচ-গান অলপো শিকিব পাৰিব। নহ'লে ইয়াত কিতো দেখিছে আজিলৈকে!’


 একেৰাহে কেইবাদিনো বিপুল-সুকন্যাৰ কাজিয়া লাগিল। খঙত শেষ নিশালৈকে বিপুলৰ টোপনি নহাত, ঘৰত থকাৰ অশান্তিত, পোহৰ নহওঁতেই সি বাহিৰ ওলাল। বাবা শুই উঠি বিপুলক নেদেখি আলেঙে আলেঙে কেইবাবাৰো অনুসন্ধান কৰিলে। একো সম্ভেদ উলিয়াব নোৱাৰি সি ভয় খাই সুকন্যাৰ মুখখন চালেগৈ— তাইৰ খংটো কমি আছে, মুখখন মোলান পৰি আছে যদিও হাঁহি নাই, কিন্তু চিন্তিত নহয়।
 সি উভতি বাৰাণ্ডাৰ বেলখনত বহি পুনৰ পঢ়িবলৈ ল'লে, কিন্তু মন বহুৱাব নোৱাৰিলে। সি পুনৰ সুকন্যাৰ ওচৰলৈ গ'ল। ‘মা, বাবা ক’লৈ গ’ল?”
 “খৰি কাটিবলৈ গৈছে।’
 ‘কেনেকৈ জানিলে? ৰাতিপুৱা নাযায় নহয়! আপুনি মোতকৈ অকণমানহে আগতে উঠিছিল।’
 সি বেছিকৈ সোধা বাবে তাই গালি পাৰিব পাৰে, সি আঘাত ল'বলৈ সাজু হৈ ৰ'ল।
 ‘খৰি কাটিবলৈকে গৈছে। দাখন নাই নহয়। তামোলৰ ঠোঙাটোও নিছে।
 দাখন আৰু তামোল থোৱা ঠাইকণলৈ সি মূৰ ঘুৰাই চালে, ‘মায়েও তাৰমানে চিন্তা কৰিছিল! সেইবাবেহে মোক এতিয়া গালি নাপাৰিলে! প্ৰমাণকেইটা নিজে উলিয়াই মোকো কৈ দিছে!” সি ভাবি ভাবি পুনৰ বেন্সখনত বহিলগৈ।


 বিপুলে সদায় ৰাতিপুৱা তামোলৰ ঠোঙাটো লৈ ঝাঁও কাটিবলৈ যোৱা আৰম্ভ কৰিলে। আবেলি পিছফালৰ ঢাপটো সি মথাউৰিৰ দৰে ওখ-বহল কৰে, সন্ধিয়াৰ আগে আগে হাবিলৈ অহা-যোৱা কৰি কাটি শুকোৱা ঝাঁওবোৰ মুঠা বান্ধি মূৰত তুলি কঢ়িয়াই আনে। “বিপুল ঔ, খৰি তুমি একেবাৰে পাঁচ বছৰলৈকে গোটাই লোৱাটো ভাবিছা নেকি? ’ঘৰত ঝাঁওৰ দ’মটো দেখি গাঁৱৰ এজনে ধেমালি কৰি সুধিলে।
 এদিন তাৰ বেছিকৈ ঠেহ লাগিল, খঙো উঠিল, আকৰ্ষণবোৰো দুয়োফালৰ পৰা ভালেখিনি কমিল লাহে লাহে। নিশা সি বাহিৰৰ কোঠাটোৰ বিছনাখনত অকলে শুবলৈ আৰম্ভ কৰিলে।