কুলাংগাৰ জেঠী এটাই টিক টিক টিক টিক কৰি দিলে। সেইটো শব্দতেই গোটেই ব্ৰহ্মাণ্ড তালফাল লাগি যোৱা যেন শুনিলে সিহঁতে। পুনৰ সিহঁতে দূৰলৈ কাণ থিয় কৰি থাকিল। আকৌ এটা গুলী ফুটিল। ‘সেইটো!” সুকন্যাই উৎকণ্ঠাৰে ক'লে। বিপুলৰো ভয় লাগিছে। ‘অ’প্ৰভু’, চোতালৰ পৰা মিনেছৰৰ মাত আহিল। সুকন্যাইতৎক্ষণাৎ বিপুলৰ মুখত হাতখন দি ফুচফুচাই ক’লে, ‘নামিতিব দেই আপুনি।' ‘প্ৰভু শুনিছেনে?’ মিনেছৰে আকৌ মাতিলে, ‘ভয় খাব নালাগে, মই মিনেছৰহে। গুলীৰ শব্দ শুনিছেনে বাৰু আপোনালোকে?” সি অলপ ৰ'ল। ভিতৰৰ পৰা একো মাত নিদিয়াত সি আকৌ ক'লে, “ভয় নাখাব। চিকাৰীয়ে পহু মাৰিবলৈ আহিছে। অকণমান উঠকচোন। মোক আপোনালোকৰ দীঘল দাখন দিয়ক।’ সিহঁতৰ ভয়টো কমিল। সুকন্যাই বিপুলক ভুনভুনাইক’লে, ‘এইবাৰ তেওঁ মাতিলে মাতিব।' ‘প্ৰভু’, সি আহি দুৱাৰখনত ঢকা দুটা দি মাতিলেহি। “মিনেছৰ নেকি?’ বিপুলে ক’লে। “হয়। অকণমান উঠকচোন। দুৱাৰ খুলিব নালাগে বাৰু। হাবি কটা দীঘল দাখন দিয়কচোন। দুৱাৰৰ ওপৰেদি সৰকিব যেন পাইছোঁ।' বিপুলে দাখন নি সৰকাই দিলে। মিনেছৰে বাহিৰৰ পৰা ক’লে, ‘মোৰখনৰ নালটো এৰাই আছে। এতিয়া এইখন লৈ যাওঁ। মাংস আনোগৈ। নিদিলে চিকাৰীক ধমকি দিম— দিলে দে, নিদিলে তোকে কাটিম বোলো। আৰু দুটাক লগত লৈ যাওঁ। কাইলৈ দিমহি দেই। যাওঁ এতিয়া, একদম লৰালৰি। মই দিনত গম নাপাওঁ নহয়৷ গুলী ফুটোতে গাঁওবুঢ়াক চিঞৰি মাতিলোঁ, তেওঁহে ক'লে— চিকাৰী আহিছে।’ মিনেছৰে কোৱাতহে বিপুলৰ মনত পৰিল, সি সুকন্যাক ক’লেহি, ‘মই দিনত গম পাই আহিছোঁ নহয়। ক'বলৈ পাহৰিলোঁ। বাৰিষা থাকিবলৈ ঠাই বিচাৰি হৰিণাবোৰ যেনি- তেনি গুচি আহিছে। কাজিৰঙাৰ পৰা আহিছে চাগে। সেইকাৰণে গম লৈ লৈ চিকাৰীটো ওলাইছেহি। সি দিনত গাঁৱতে আছিল। মই নাজানো নহয় এনেকুৱা হ'ব।’ আকৌ গুলীৰ শব্দ আহিল, লগত লগত তিনিটা। অলপ আগতে তীব্ৰ ভয় খুওৱা শব্দটোৱে এইবাৰ সিহঁতৰ মনলৈ ৰোমাঞ্চকৰ উত্তেজনা বোৱাই আনিলে। কাহিলি-পুৱাতে মিনেছৰে মাংস দিলেহি। দুটা হৰিণা মাৰিলে। গোটেই গাঁৱৰ মানুহক অকণমান অকণমান দিছোঁ।'
পৃষ্ঠা:কুলাংগাৰ.pdf/১১১
অৱয়ব