থৈ দিয়কহে আপোনাৰ কথা। বহুত পাৱাৰ!”
বতাহ এছাটিয়ে ঘৰটোত জোৰেৰে কোব এটা মাৰি দিলে, গাবোৰ শাঁত পৰি গ’ল, সিহঁত ৰ’ল, গাত গৰম এটা লাগি থকাটো সিহঁতে ভবাই নাছিল, বতৰটোৱো মন কৰিবলৈ পোৱাই নাছিল। ‘ধুমুহা আহিব নেকি! চাবলৈয়ে নহ’ল নহয়!' বিপুলে বতৰটো চাবলৈ দুৱাৰ খুলি বাহিৰলৈ গ’ল।
‘ধুমুহা নাহে’, সি ঘূৰি আহি ক’লেহি। কিন্তু বতাহ এছাটি বলিবলৈ ধৰিছে, পিৰালিৰ কাষৰ কলকেইজোপাৰ পাতৰ বাজানা ভিতৰলৈ আহিল, গৰমটো একেবাৰে শেষ হৈ বায়ু ঠাণ্ডা হৈ পৰিল। ‘পানী আহিবই আকৌ এইকেইদিনতে।’ বতাহৰ শীতলতা চিনি পোৱা নিচিনাকৈ বিপুলে ক’লে।
সুকন্যাই একো নামাতিলে।
‘সময় অলপ হ’ল বুজিছা নে? ভাত খাই শুই থাকোঁ আৰু।”
*** *** *** *** *** ***
পানী লাহে লাহে বাঢ়ি দুপৰীয়া ভিতৰলৈ সোমাই আহি আছে। পাকঘৰৰ ভেটিটো গা-ঘৰতকৈ এবেগেত ওখ বাবে পানীৰ লগে লগে ওপৰলৈ উঠি আহি থকা কেঁচু-কুমটিবোৰ পাকঘৰত দ’ম হৈছেহি। বিপুলহঁতে তলৰ বস্তুবোৰ ওপৰলৈ উঠাইছে। খেলেপ খেলেপ শব্দ কৰি কোনোবা পদূলিৰে সোমাই অহা গম পাই বিপুল বাহিৰলৈ ওলাই আহিল। টাঙোন এডালত ভৰ দি ৰঘু নেওগ আহি আছে। তেওঁৰ কঁকালৰ বিষ হৈ আছিল, পানী নুঠা সময়তো তেওঁ বাহিৰলৈ ওলোৱা নাছিল। 'ছাৰ আপুনি এনেকৈয়ে আহিছে?'
“এ ৰ’বা! ঘৰতে সোমাই থাকিব নোৱাৰি নহয়। ল’ৰা দুটাই মোক খোজ কাঢ়িবলৈকে হাক দি থৈছে। সিহঁত এতিয়া নাই, ঘাঁহ কাটি এবাৰ থৈ গ’লহি, এইবাৰ খৰি ধৰিবলৈ গৈছে। সিহঁত নথকা চলতে, অকণমান ভাল হৈছে কাৰণে, এইকণ ওলাই আহিছোঁ। খৰিৰে একদম নাও ভৰাইহে আহিব আজি, সিহঁতৰ চখ লাগিছে।’
‘খৰি ধৰিবলৈ যোৱাটো গম পাওঁ। অথনি ময়ো গৈছিলোঁ। ঘাঁহো আনিলোঁ। তেওঁলোকে একদম মাজত খৰি ধৰিবগৈ। সিমান দূৰত ধৰিবলৈ মোৰ ভয় লাগে। মোৰ লগত যি দুটা গ’ল সিহঁতো ভয়-পাদুৱা। এ... গুচি আহিলোঁ।’
নেওগে টাঙোনডালেৰে পিৰালিটোত খুন্দিয়াই বাৰাণ্ডালৈ উঠাৰ জোখটো চালে। 'ছাৰ, চাব চাব। পিছলি যাব ভেঁজাটো।’বিপুলে ক’লে। সুকন্যাও ওলাই আহিল।
“বিষ কমিছে বহুত বুইছানে। নহ’লে কত পাৰোঁ!” নেওগে ক’লে।
পৃষ্ঠা:কুলাংগাৰ.pdf/১০৯
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০০
কুলাংগাৰ