নাও পাৰি দিয়াৰ পাছত, মোনাটো আকৌ এবাৰ খুলি হাতেৰে চাবলৈ সুকন্যাৰ মন
গৈছে। ব্ৰহ্মপুত্ৰ শান্ত, ভয় নাই, তথাপি নাও বোৱা তিনিজনৰ বাহিৰে সকলো একেথিৰে
বহি আছে। বেগটোলৈ সিহঁতে আৰু গুৰুত্ব দি থকা নাই, বেলেগ বেলেগ কথাত ধৰিলে।
সিহঁতৰ সমুখতে আকৌ চাবলৈ তাইৰ বেয়াও লাগিছে আৰু মোনা খুঁচৰি গা লৰাই
থকাটোও উচিত নহয় এতিয়া।
ঘৰ পাই মোনাকেইটা পিৰালিত থৈ বুবুল অকণো ৰৈ নাথাকিল। সুকন্যা ভিতৰলৈ
সোমায়েই প্ৰথমে মোনাটো খুলিলে। গোটেই বস্তুবোৰ উলিয়াই চাই তাই হাঁহিত বাগৰি
পৰিল, ‘এইফালে আহকচোন, এইফালে আহক। বুবুলৰ কাণ্ডটো চাওকহিচোন।
‘কি কৰিলে সি?’
চাওকচোন তাৰ কাণ্ড! নাও উজাওঁতে সি মোনাকেইটা খুজি খুজি চাইকেলত লৈ
গৈছিল। এই তলাটো ভাঙি সি গোটেই মিঠাইখিনি খালে, তাৰ পাছত আমাক কৈছে—
পৰি পেলাই তলাটো ভাগিল! বাকী সৱ বস্তু আছে, মই গহনাখিনিলৈ চিন্তা কৰি আছোঁ,
সেইবোৰ একো চোৱা নাই সি, পইচাও ঠিকে আছে। মিঠাইৰ টোপোলা দুটা বন্ধা
কাগজকেইকণো থৈ দিছে। খাবলৈ মন গৈছে, খোজা হ'লে নিদিলোহেঁতেন নেকি! চকুৰ
আগতে সেইকেইটা এনেকৈ চুৰ কৰি খাব লাগেনে! সিপাৰত খুৱাইছোঁৱেই তাকো।
মিঠাইখিনি কিনি লৈ ভৰোৱা সি দেখিলে, তেতিয়াই তাৰ লোভ লাগিল মানে!”
বিপুলেও হাঁহি হাঁহি মোনাটোত হাত লগাই চালে, ‘অঁ, এই হুকটোৱো এৰাই গ’ল
দেখোন!
‘হুকটোৱো নষ্ট হ’ল নেকি? অথনি খাইছিল দেখোন হুকটো। বেগটোৰ চেইনডাল
গ’ল তেন্তে! এনেকৈ নষ্ট কৰি পেলাব লাগে কিয়!' সিহঁতৰ অকণমান খঙো উঠিল।
একে নাৱত অহা মানুহ এজন পাছদিনা চাহ খাবলৈ আহিল। সুকন্যাহঁতে বুবুলৰ
কাণ্ডটো ক’লে৷ আটাইকেইটাই হাঁহিলে। মানুহজনে গৈ বাকীকেইজনক ক’লেগৈ। এজনে
আহি ক’লেহি, ‘তাক ধমকি এচাট দিম ৰব!' সুকন্যাহঁতে হাক দিলে, ‘ইমান অকণমান
কথাতে ধমকি দিব নালাগে থাকক, খালে খালে আৰু।’
কথাটো গাঁৱত বিয়পিল। এজনে বুবুলক ফুচুলাই সুধিলে। সি সৈ কাঢ়ি দিলে। তাক
তেওঁ সুকন্যাহঁতৰ ঘৰলৈ লগতে লৈ আনিবলৈ ধৰিছিল, কিন্তু সি লাজত নাহিল।
দহদিনমান পাছৰ গধূলি। সুকন্যাহঁতে ভাত বাঢ়িবৰ সময়। চোতালৰ পৰা গাঁৱৰ ল’ৰা কেইটামানে মাত লগালে। সিহঁতে লেম্পটো লৈ বাহিৰলৈ ওলাল। ‘ছাৰ আহক, ইয়াক ধৰি আনিছোঁ’, বাৰাণ্ডালৈ উঠি ৰৈ থকা ল’ৰা এটাই সিহঁতক চোতাললৈ মাতিলে। জোনাক ৰাতি। চোতালত কোনোবা এটাক শুদা গাৰে আঁঠু কঢ়াই দুটামানে বেতেৰে