সিও ওঁঠত হাঁহি বিৰিঙাই ক’লে, ‘নাই কৰা ভয়। আপুনি নাম গোৱা মই গোটেই
শুনি আছিলোঁ।’
‘হয় নেকি?” এন্ধাৰত নেদেখা ওঁঠৰ হাঁহিতকৈও মধুৰ পৰস্পৰৰ মাত-কথাখিনি
দুয়োজনে অনুভৱ কৰিলে।
“ককা, মই কথা এটা ভাবিছোঁ।’
'কি কথা?'
হাতত ধৰা-ধৰিকৈ অভ্যাসতে তেওঁলোক চোতালৰ পৰা বাৰাণ্ডালৈ উঠিল। তাৰ
উত্তৰটো শুনিবলৈ আতাকৰ খোজটো থমকিল। সিও ৰৈ দিলে। “মই ভাবি আছোঁ, আমাৰ
বাবাই গোৱা নামবোৰ আপুনিও গায়, কিন্তু সদায় আৰম্ভ কৰোঁতে বেলেগকৈ আৰম্ভ
কৰে কিয়?
অপাৰ আনন্দত আতাক মনে মনে ৰ’ল কিছু সময়। ‘তোমালোকৰ বাবাহঁতৰ পূৰ্ব-
পুৰুষ শংকৰ গুৰুৰ শিষ্য। তেওঁলোকে সেইবাবে শংকৰক স্মৰণ কৰি নাম আৰম্ভ কৰে।
আমি শংকৰৰ সেৱক নহয়, সেইকাৰণে আমি আৰম্ভ কৰোঁতে শংকৰৰ নাম নলওঁ। মই
তোমাক কাইলৈ দিনত ভালকৈ বুজাই দিম।’
উত্তৰটো লৈয়েই সি হাতখন এৰি তাৰ আনটো কামৰ সময় বুজি আঁতৰি গুচি
গ’ল। আতাকে গাৰ চাৰিওকাষলৈ মন কৰিলে— সি নাই। ‘অঁ, ল’ৰাকণ ক’ত হেৰাই
থাকিল! সন্ধিয়াখন মোৰ লগত লুকা-ভাকু খেলিছে চোৱা!' আতাকে খেতখেতকৈ
হাঁহিবলৈ ধৰিলে।
বাহিৰত কথা পতা শুনি ভিতৰৰ পৰা দুজনী ছোৱালী লেম্প এটা লৈ ওলাই
আহিল। এনেই পিছে পিছে বাকীবোৰো আহিল।
“আতাদৌ, কাৰ লগত কথা পাতিছে?”
‘বাবাকণ। ই ক’ৰবাত লুকাল।’
পোহৰটো লৈ সিহঁত বাৰাণ্ডালৈ অহা গম পাই বাবাই পাৰে মানে জোৰ দি ক্ষণিকতে
শৌচখিনি বাহিৰ উলিয়াই শেষ কৰিব খুজিলে।
সি থিয় হৈ ডাঙৰকৈ ক’লে, ‘অ’মাহী, মই পায়খানা কৰিলোঁ, এইফালে আছোঁ।”
তাক টিং আৰু গামোচা দিবলৈ এজনী ভিতৰেদি পিছফাললৈ গ’ল।
বাহিৰত বহি আটাইবোৰে কথাত লাগিল। বাবাই ধুই-পখালি আহি আতাকৰ কোঁচত
সোমাল। ‘দেখাত নোদোকা যদিও একেবাৰে লঘু অ’ ল’ৰাটো’, তেওঁ মৰমেৰে ক’লে।
আড্ডা এখন বাৰাণ্ডাতে চলাৰ উমান পাই সিঘৰৰ গোহালিত থকা ল’ৰাটো সোমাই
আহিল, ‘ইমান ম’হ, আঁঠুৱা তৰিলেও ক’ৰ পৰা জানো দুটা হ’লেও ওলায়! গৰু কেইটাক
পৃষ্ঠা:কুলাংগাৰ.pdf/১০১
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯২
কুলাংগাৰ