সমললৈ যাওক

পৃষ্ঠা:কুমৰ হৰণ ৷ চন্দ্ৰ ভাৰতী.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
কুমৰ-হৰণ

বৰ ছোটে ভেদিলন্ত ময়ুৰৰ ধ্বজ।
পাছে কাটি পেলাইল ৰথৰ দশ গজ॥
সাৰথিৰ শিৰ ছেদিলন্ত শৰ হানি।
পাঞ্চ শত ধনুকো কাটিলা চক্ৰপাণি॥
ধনু ভঙ্গে বাণ ৰাজা মহা ক্ৰোধ কৰি।
গোবিন্দক ধাইল আউৰ ধনু শৰ ধৰি॥
অৱহেলে তাহাক কাটিলা হৃষীকেশ।
পাঞ্চ শত গদা বাণে ধৰিলা বিশেষ॥
কাটিলা গদাক হৰি ক্ষুৰশৰ ধৰি।
অনন্তৰে বাণৰাজা মহাকোপ কৰি॥
সহস্ৰেক শূল ধৰি ধাইল মহাবেগে।
পৃথিবী আকাশ টলবল যেন ভাগে॥
মহাক্ৰোধে প্ৰহাৰিলা হাজাৰেক শূল।
হাসি কৃষ্ণে শৰে কাটি কৰিলা নিৰ্ম্মূল॥
যেহি যেহি অস্ত্ৰ প্ৰহাৰয় কোপমনে।
সেহি সেহি অস্ত্ৰক কাটন্ত তেতিক্ষণে॥
অস্ত্ৰহীন ভৈল ৰাজা মহাঘোৰ ৰণে৷
হাজাৰেক বাহু মেলি গ্ৰাসিবাক মনে॥
খেদি আসে দেখি কৃষ্ণে হাতে চক্ৰ ধৰি।
অস্ত্ৰক সম্বুধি মাতিলন্ত দেৱহৰি॥