পৃষ্ঠা:কুমৰ হৰণ ৷ চন্দ্ৰ ভাৰতী.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
কুমৰ-হৰণ

তোৰ পুষ্পধনু ছোট সহিবে নপাৰি৷
হৰে পৰপত্নী বধূ চাণ্ডালৰো নাৰী॥
জীয়োক জগত আজি দুৰ্গতি খণ্ডোক।
সাৱধান হোৱ কাম পেষো যমলোক॥
এহি বুলি গৌৰীসুতে হানিলা শকতি।
ফোকাৰন্তে চলে শক্তি অগ্নি সম জ্যোতি॥
বাণ কটকৰ দেখি ভৈল বৰ ৰঙ্গ।
শকতিক লক্ষ্য কৰি নাহি ভুৰুভঙ্গ॥
উপৰক দৃষ্টি চাই দিয়া এক ডেৱ।
আলগতে শকতি ধৰিলা কামদেৱ॥
শকতি ধৰিয়া কামে এক ৰিঙ্গ দিল।
সাধু সাধু বুলি দেৱে পুষ্প বৰষিল॥
মদন বদতি গৌৰীসুত শুন বাণী।
অবোধ কাৰণে মোক নিন্দস নজানি॥
মোৰ পুষ্প ধনুক কৰিলি উপহাস।
যিটো ধনুৰ্ব্বাণে হোৱে জগতৰ নাশ॥
এহি পুষ্পবাণে হৰে নপাইলন্ত উলি।
মৰা শৱ কান্ধে কৰি ফুৰাইলন্ত তুলি॥
দেৱৰ বৰিষ শত সহস্ৰ বৎসৰ।
কান্ধে মৰা শৱক ফুৰাইলা নিৰন্তৰ॥