সমললৈ যাওক

পৃষ্ঠা:কুমৰ হৰণ ৷ চন্দ্ৰ ভাৰতী.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮৬
কুমৰ-হৰণ

মাংস ভৈল কৰ্দ্দম সেৱাল কেশচয়।
বাণ সব সৰ্প ধনুগণ ঢউময়॥
উট গ্ৰাহ ভৈল তাত কুঞ্জৰ মগৰ।
ঘোড়া ঘৰিয়াল মৎস্য ভূষণ নিকৰ॥
হেন শোণিতৰ নদী ভৈল বহুদূৰ।
ভূত প্ৰেত পিশাচ আসিল সেহি পুৰ॥
শোণিতৰ নদীত নামিয়া কৰে কেলি।
কটা মুণ্ড লৈয়া অন্যো অন্যে মাৰে দলি॥
গাণ্ডি গোট লৈয়া প্ৰেত বাৱয় মৃদঙ্গ।
মাৰ্গ দৰশিয়া নাচে কৰিয়া ত্ৰিভঙ্গ॥
শোণিত ভুঞ্জিয়া সবে ভৈলন্ত হৰিষ।
তেজ মাংস খাই পেট ভৈল ঠিস ঠিস॥
কতো কতো পিশাচে শৱক কৰি বলি।
ৰঙ্গ ঢঙ্গ কৰি অন্যো অন্যে মাৰে দলি॥
গদক প্ৰশংসা কৰে হোক ৰণ জয়।
যদুসেনাগণে জয় জোকাৰ পাৰয়॥
গদৰ সমৰ কথা বৰ্ণাইবেক কোনে।
যেন যুদ্ধ ভৈল শুনা কাৰ্ত্তিকে মদনে॥
দুয়ো বীৰ বলৱন্ত সমৰে দুৰ্ব্বাৰ৷
দুয়ো দুইক কৰিলন্ত অনেক প্ৰহাৰ॥
৮৬