পৃষ্ঠা:কুমৰ হৰণ ৷ চন্দ্ৰ ভাৰতী.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
কুমৰ-হৰণ

সেহি বেলা ক্ৰোধ কৰি ধনু ধৰি হৰ।
গোবিন্দক ক্ষেপিলন্ত কুৰিপাট শৰ॥
হেন দেখি হৰি প্ৰহাৰিলা আঠ বাণ।
প্ৰত্যেক শৰক কৰিলন্ত তিনি খান॥
সাত কোটি সেনা আসি শঙ্কৰৰ সঙ্গে।
বাণৰ সহায় হুয়া যুদ্ধ কৰে খঙ্গে॥
একে একে প্ৰহাৰিলা দশ দশ বাণ।
ফুটিল নিসন্ধি কৰি দেখি বিদ্যমান॥
শঙ্কৰেও কুৰি শৰ কৰিলা প্ৰহাৰ।
হৰিয়ো হৰক প্ৰহাৰিলা বাৰম্বাৰ॥
শৰময় আকাশ ভৈলেক নিৰন্তৰে।
ফৰিঙ্গ উড়য় যেন দিশ দিশান্তৰে॥
ৰাৱ চাৱ নাহিকে দেখিয়া তমোময়।
হেন দেখি হৰিসেনা ভৈলা মহাভয়॥
সেনা ভয়াতুৰ দেখি দেৱ দামোদৰ।
হাঁসি হাঁসি শঙ্কৰক প্ৰহাৰন্ত শৰ॥
প্ৰত্যেকে শৰক হৰি কৰিলা সন্ধান।
অসংখ্যাত কৰি প্ৰভু বৰষিলা বাণ॥
শঙ্কৰৰ লগে সেনা আইল যত যত।
এক এক কুৰি শৰে বিন্ধিলা গাৱত॥