পৃষ্ঠা:কুমৰ হৰণ ৷ চন্দ্ৰ ভাৰতী.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
কুমৰ-হৰণ

আগ বাঢ়ি কুঁজী গৈয়া কৰি যোৰহাত।
প্ৰভু মহাৰাজ বুলি নমিলেক মাথ॥
ঊষাৰ লগত তুমি থৈলাহা আমাক।
একো কালে তাই নুশুনয় হাক ডাক॥
তোমাৰ আগত কহিবাক লাগে লাজ।
কৈৰবা পুৰুষ আনি আছে ঘৰ মাজ॥
আমাৰ বচন একো নুশুনয় তাই।
হেন জানি কৰিয়োক যেহেন যুৱাই॥
জাৰ মন্দ কথাক শুনিলে সামৰাজে।
শুনি নুশুনিল ৰাজা পিঠি দিল লাজে॥
পুনৰপি আগ বাঢ়ি কুঁজী বোলে বাক।
খঙ্গে ৰাজা বোলে এইৰ কাট কাণ নাক॥
ৰাজাৰ বচন শুনিলেক কটোৱালে।
ধৰি নাক কাণ কাৰ্টিলেক সেহি তালে॥
ঢঙ্কা মাৰি সভাৰ খেদাইল বাজ কৰি।
নাপিতে বোলয় তুমি ভৈলা পটেশ্বৰী॥
গণকে বোলয় দিন গণিলো সকল।
ৰাহু গোট নগণিলো তাৰ এহি ফল॥
যিহোক সিহোক আবে তোৰ গৈল নাক।
ধূলি মাটি দিয়া এভো ৰুধিৰক ঢাক॥