সমললৈ যাওক

পৃষ্ঠা:কুমৰ হৰণ ৷ চন্দ্ৰ ভাৰতী.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
কুমৰ-হৰণ

এতিক্ষণে নৃপতিত নজনাইবি তই।
আপুনিয়ে বুলি মাতি ৰাখিবোহোঁ মই॥
প্ৰসাদক দিয়া যে কুঁজীক কৰি মান।
আনি দিল শঙ্খ খাৰু পাট পৰিধান॥
প্ৰসাদক পায়া কুঁজী ৰঙ্গ মন ভৈল।
ৰক্ষাশালে যাওঁ বুলি বাহিৰক গৈল।
মহা ৰঙ্গে গুণি গান্থি কুঁজী চলি যাই।
পথত যাহন্তে গণকক লাগ পাই॥
গণকক বোলে দিন চাহিয়ো সকাল।
গণি পঢ়ি চাহা মোৰ কোন দিন ভাল।
গণকে বোলয় মই ভাবি মনে চাওঁ।
পটেশ্বৰী হৈবা হেন গণি পঢ়ি পাওঁ॥
ৰাজাৰ আগক গৈলে পাইবি সতকাৰ।
পাছে সুমৰিবা এই বচন আমাৰ॥
সভা মাজে বসি আছে বান নৃপবৰ।
এহি শুভক্ষণে তই চলহ সত্বৰ॥
গণকৰ হেন বাণী শুনিলেক তাই।
ৰাজাৰ আগক মহা ৰঙ্গে চলি যাই॥
কত দূৰ যান্তে নাপিতক লাগ পাইল।
হাত বাউল দিয়া তাঙ্ক সমীপে মাতিল॥