পৃষ্ঠা:কুমৰ হৰণ ৷ চন্দ্ৰ ভাৰতী.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
কুমৰ-হৰণ

নাৰদ বদতি ওবা শুনা চিত্ৰলেখি।
আন কাৰ্য্য নাই তোক আসিলোহো দেখি॥
তোৰ ভাৱ দেখি মোৰ চিত্ত হৰষিত।
পুছিবাক আসিলো তোহোৰ সন্নিহিত॥
বীৰ কাছে কাছিয়া যুদ্ধৰ ভাৱে সাজি।
মোত কহ সুন্দৰী কহিক যাহ আজি॥
শুনা সাধুজন সবে ভাগৱত পদ।
সকল দুৰ্গতি খণ্ডি মিলিবে সম্পদ॥
কৃষ্ণৰ চৰণ-পদ্ম হৃদয়ত ধৰি।
শ্ৰীচন্দ্ৰভাৰতি ভণে বোলা হৰি হৰি॥


দুলৰি

ঋষিৰ বচন শুনি তেতিক্ষণ
 চিত্ৰলেখা বোলে বাণী।
কহে৷ মোৰ কায শুনা মুনিৰাজ
 স্বৰূপ মোৰ কাহিনী॥
বাণৰ কুমাৰী সৰ্ব্বাঙ্গ সুন্দৰী
 ঊষা নামে মোৰ সখী।
গোবিন্দৰ নাতী স্বপ্নে পায়া ৰাতি
 বিকল ভৈলন্ত দেখি॥