পৃষ্ঠা:কুমৰ হৰণ ৷ চন্দ্ৰ ভাৰতী.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
কুমৰ-হৰণ

ঊষা বোলে পথে একো নোহোক বিঘিনি।
অব্যাহতে আনা গৈয়া শত্ৰু সেনা জিনি৷।
যাত্ৰা কৰি চিত্ৰলেখা ৰথে উড়ি যাই।
ডাকিলেক ৰথ গৈল আকাশে উড়াই॥
চাবুকে ডাকিয়া ঘোড়া ডকাইলেক যত।
আকাশে উড়াইল গৰুড়ৰ যেন মত॥
আকাশত দেখি যেন কাল মেঘ খন৷
ৰথ-ঘূড়া-শব্দ শুনি মেঘৰ গৰ্জ্জন॥
বিজুলী চটকে যেন বেগে যাই ৰথ।
দণ্ডেকে আটাইল তিনি মাসেকৰ পথ॥
মহাৰঙ্গে চিত্ৰলেখা আকাশক যাই।
নিমিষেকো নলাগিল স্বৰ্গপথ পাই॥
প্ৰথমতে দেখিলেক এক মহা নদী।
সাগৰ সমান আছে বিন্ধ্যাচল ভেদি॥
পৰিপূৰ্ণ নিৰ্ম্মল ধৱল যাৰ নীৰ।
ৰখাইলেক ৰথখান নৰ্ম্মদাৰ তীৰ॥
প্ৰথমতে ঘোড়াক কৰাইলা জল পান।
পাছে চিত্ৰলেখা কৰে বিধিমতে স্নান॥
দেৱ পিতৃ তুষিলেক নৰ্ম্মদাৰ জলে।
নানা পুষ্প কুসুম তুলিল কৌতূহলে॥