পৃষ্ঠা:কুমৰ হৰণ ৷ চন্দ্ৰ ভাৰতী.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
কুমৰ-হৰণ

আঠ দিন বাজে স্বামী নানস আমাৰ।
তেবে মোৰ প্ৰাণ যাইবে কৈলো সাৰেসাৰ॥
চিত্ৰলেখা বোলে সখি চিন্তা এৰি থাক।
কুমৰ হৰিবে মই যাওঁ দ্বাৰকাক॥
এহি বুলি চিত্ৰলেখা গৈল ঘোড়াশাল।
বাচিয়া লৈলেক ঘোড়া অতি ভাল ভাল॥
শ্বেত শ্যামবৰ্ণ ঘোড়া বায়ু নোযোৰাই।
কান্ধত জুৱলি নিয়া বান্ধিলে বঢ়াই॥
কালধ্বজ গোট তাত দেখন্তে সুন্দৰ৷
কাল চামৰে মণ্ডিত ৰথৰ উপৰ॥
ঘোড়াৰ ওপৰে দিলা সুবৰ্ণ দাপণি৷
গলত ঘুগুৰা দিলা বাজে ৰুণ ঝুণি॥
পাৱে ক্ষুদ্ৰ ঘণ্টা দিলা বাজয় বিশেষ।
সাজি আনিলেক ৰথ দেখন্তে সুবেশ॥
আপুনিয়ে৷ সাজ ভৈল মাউতৰ থান৷
কাল টুপী কাল বস্ত্ৰ গাৱে পৰিধান॥
উপৰক তুলি তাই বান্ধিলেক খোপা৷
পিঠিত হালয় মাণিকৰ এক থোপা॥
কপালত আতি ভাল তিলক পিন্ধিল।
গন্ধৰ নিকৰ পিসি আগৰত দিল॥