পৃষ্ঠা:কুমৰ হৰণ ৷ চন্দ্ৰ ভাৰতী.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
কুমৰ-হৰণ

হেন শুনি চিত্ৰলেখা কৰে কাপ ধৰি।
আন পট লিখিলেক কুভাণ্ড কুমাৰী॥
পাতালত সৰ্পগণ আছে যত যত।
তাৰ ভাৱে চিত্ৰলেখা কৰিল বেকত॥
অনন্ত বাসুকি ধৃতৰাষ্ট্ৰ কৰ্কোটক।
কুহক কুকিল পুণ্ডৰীক সতক্ষক॥
দেৱতো অধিক নাগ ৰূপ অতিশয়।
সবাৰো শিৰত ৰত্ন মুকুট জ্বলয়॥
কাল মুখ কাল জিবা আৰু কাল গল।
শ্বেত পীত নাগ ৰক্ত লিখিল সকল॥
লিখিলেক নাগগণ শাৰী শাৰী কৰি।
ঊষাক দেখাইলা নিয়া কুভাণ্ড কুমাৰী॥
কতো বেলি ঊষা পাছে চাহি চিত্ৰ পট।
আত মোৰ স্বামী নাই কহিলো প্ৰকট॥
হেন শুনি চিত্ৰলেখা ঊষাৰ উত্তৰ।
পাছে লিখিলেক পৃথিবীৰ যত নৰ॥
সূৰ্য্যবংশে যত যত আছিল নৃপতি।
ব্যক্ত কৰি পটতে লিখিলা মহামতি॥
চন্দ্ৰবংশ লিখি যেবে আতাইল সুন্দৰী।
যদুবংশ লিখিলেক গুৰুক সুমৰি॥