পৃষ্ঠা:কুমৰ হৰণ ৷ চন্দ্ৰ ভাৰতী.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
কুমৰ-হৰণ

পদ

যেনে তেনে আলেজালে নিশা গৈল ক্ষয়।
ৰজনী প্ৰসন্ন ভৈল সূৰ্য্যৰ উদয়॥
ঊষাৰ কথাক আবে এখনে থাকোক।
বাণ ৰাজা যি কৰিলে তাক শুনিয়োক॥
কৌশিকী নদীত ৰাজা কৰিলন্ত স্নান।
হৰগৌৰী মন্দিৰক চলি গৈলা বাণ॥
শঙ্কৰক গৈয়া দেখিলন্ত নৃপবৰ।
ভকতি মিনতি স্তুতি কৰিলা বিস্তৰ॥
কৃতাঞ্জলি কৰিয়া উঠিয়া নৃপবৰ।
হৰক সম্মুখে চাই বুলিলা উত্তৰ॥
এতকাল ভৈল মই নপাইলোঁ সমৰ।
ধৰোঁ কি কাৰণে মই হাজাৰেক কৰ॥
কোন দিনা যুদ্ধ পাইবো তাক কহিয়োক।
আছোক পুৰুষ হাসিবেক তিৰীলোক॥
তুমি সম পুৰুষ আসোক মোক বীৰ।
তেবে হাজাৰেক কৰ সাফল আমাৰ॥
গৰ্ব্ববাণী শুনি তেবে কিটাইলন্ত হৰ।
বাণক সম্বূধি পাছে দিলন্ত উত্তৰ॥