পৃষ্ঠা:কুমৰ হৰণ ৷ চন্দ্ৰ ভাৰতী.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
কুমৰ-হৰণ

দ্বাৰত থৈয়োক নিয়া দ্বাৰপাল কৰি।
এহি বুলি হৰক প্ৰবোধ দিলা হৰি॥
হৰিক প্ৰণাম কৰিলন্ত দেৱগণ৷
বাণে প্ৰণামিলা আসি কৃষ্ণৰ চৰণ॥
অনিৰুদ্ধ কুমাৰক আনিলেক বাণ৷
ঊষাক আনিয়া বিধিৱতে দিলা দান॥
ৰথী ৰথ দাস দাসী সুবৰ্ণ ৰজত৷
অনেক যৌতুক দিলা জীউৰ লগত॥
অনিৰুদ্ধে কুভাণ্ডক বুলিলন্ত বাণী।
চিত্ৰলেখা নামেযে তোমাৰ জীউ খানি॥
গদক দিয়োক বিহা আমাৰ বচনে৷
হেন শুনি মন্ত্ৰী আনি দিলা তেতিক্ষণে॥
চিত্ৰলেখা কন্যাক গদক দিলা দান।
দক্ষিণা দিলেক মন্ত্ৰী শকতি যিমান॥
পাছে কৃষ্ণে বাণসুত নিকুম্ভক আনি।
অভিষেক ৰাজ্যতে কৰিলা চক্ৰপাণি॥
নিকুম্ভক শোণিত পুৰত ৰাজা কৰি৷
যথাযোগ্য দেৱতাক বিসৰ্জ্জিলা হৰি॥
নিজ সঙ্গে বাণক নিলন্ত ত্ৰিপুৰাৰি৷
কৈলাসত তাক নিয়া পাতিলা দুৱৰী॥