পৃষ্ঠা:কীচক বধ (Kichak badh).pdf/35

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

రిపి কাচক বধ দ্বিতীয় দৃশ্য ভীম – আহা মোৰ প্রণয়ী প্রবৰ ! তুয়ো গলাগলি কৰি প্ৰেমত মজি যাও ( কীচকৰ ডিঙিত চেপা মাৰি ধৰে, কচকেও ভীমৰ ডিঙিত ধৰে। কিছু সময় জোটাপুটি লগাই হ্রয়ো এৰাই যায়। ) ইয়াৰ পাচত দুয়োৰে মল্ল যুদ্ধ হয়। বহুত বেলিলৈকে কোনেও কাকে বলে নোৱাৰে। কীচকৰ মূৰ ঘুৰণি বেচি হয়। মাজে মাজে মূৰটো টিপি লৈ আকৌ লাগে। এনেকৈয়ে এক দণ্ডমান যোৱাত ভীমে কীচকক বগৰাই পেলায় আৰু বুকত বহি ভুকুৱাবলৈ ধৰে । প্রথমে কীচকে উঠিবলৈ চেষ্টা কৰিছিল, কিন্তু শেহত হাত-ভৰি মেলি নেঠাবলৈ ধৰিলে । ভীম। —এই দুটা চকুৰে আৰু লোকৰ তিৰুতালৈ চাবি ! (চকু দুটা কাঢ়ি পেলায় ) এইখন নিলাজ মুখেৰে লোকৰ তিৰুতাৰ প্রেম ভিক্ষা কৰিবি ! ( ভুকুৱাই দণত-মুখ ভাঙে ৷ এই হাতেৰে লোকৰ তিৰুতাক ধৰিবি ! ( হাত ফুটা মুচৰি ভাঙে ) এই ভৰিৰে লোকৰ তিৰুতাক আঘাত কৰিবি ! ( ভৰি ছটা মুচৰি পেলায় ) (ভাৰ পাচত ভীম থিয় হৈ অলপ পৰ থৰ হৈ চাই থাকে। কীচকৰ ধাতু যাওঁ যাওঁ হয় ভীমে কীচকৰ টেটুত চেপা মাৰি চোচোৰাই আনি নেকেহ কৰে পেলাই দিয়ে। ) যা এতিয়া, নৰকৰ গহ্বৰত লোকৰ তিৰুতাৰ লগত প্রেম কৰগৈ ।