সমললৈ যাওক

পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

টান উপায় নহ’লে টান কাম কৰাও টান। কাম aa সোঁতত উপঙি উটি গলে জাজি হৈ উটি যোৱাইছে । নিজৰ একো নহয় লোকৰ ঘাটত লাগি থাকি লোকৰ জুগ খৰি মাথোন হোৱা যাবৰ সম্ভৱ। অসমীয়া দোকানী আৰু সাউদক হে মাথোন সময় কৰিবলৈ অসমীয়া ৰাইজক বুজাব লাগিব সঁচা, কিন্তু কোন বুজাব? বুজাব এদল শিক্ষিত স্বদেশহিতৈষী উৎসাহী ডেকাই তেওঁলোকেই "অসহযোগী আন্দোলনৰ নিনি এটা ডাঙৰ আন্দোলন লগাই দেশ খলক লগাব লাগিব।" এতেকে এই দল ডেকা কেনে হ’ব লাগিব তাৰ সম্পর্কে দুই চাৰি আষাৰ কওঁ। (১) হ’ব লাগিব একেবাৰেই স্থার্থত্যাগী। নিভাজ দেশহিতৈষী, আৰু সেই হিতৈষিতাৰ ভিতৰত এটোপাও আত্মসুখ, আত্মসন্মান আত্মলাভৰ পানী থাকিব নালাগিব। এটোপা থাকিলেও সেই কাৰ্য্যৰ গাখীৰ কুৰূচিব। (২) তেওঁলোক ৰাইজৰ ঘৰলৈ আৰু কাষলৈ যাব লাগিব “বাৰু” বা “শ্ৰীযুত" বা “ডাঙৰীয়া” হৈ নহয়; একেবাৰেই “দীঘলা কাই” বা “কিনাৰাম ভাই” হৈ। আৰু হাতত নাঙল, কোৰ, পোটা বাঢ়নী লৈ। তেওঁলোকৰ টোপোলাত জহা চাউল, মগুমাহ, আতাগুৰি, ঘিউ আৰু চেনি নাথাকিব, থাকিব আহু চাউল আৰু লাওপাত, কচুপাত, ঢেকিয়া আৰু লাইজাবৰি। মুঠতে তেওঁলোক দীঘলা কাই আৰু কিনাৰাম ভাইৰে সৈতে আহাৰ আচাৰ-ব্যৱহাৰত একে হ'ব লাগিব; আৰু দীঘলা কিনাৰামৰ দুখ-পতিৱা সুখ ভগিৱা হ’ব লাগিব। নতুবা তেওঁলোকৰ কথা গাঁৱলীয়া ৰাইজে নুশুনে আৰু দুই চাৰিজনে শুনা যেন দেখুৱালেও পেটে পেটে সন্দেহ কৰিব, যে এই বাবু ডাঙৰীয়াসকলে আমাৰ পৰা সুবিধা ল’বলৈহে আহিছে। আৰু তেওঁলোকৰ ইও এক ফন্দি। (৩) এই দলৰ শিক্ষিত ডেকা দুজন-তিনিজনকৈ একো একোখন গাৱত সোমাই থাকি তেওঁলোকে সেই সেই গাঁৱৰ ভিক্ষাৰ ভাৰ লওক, শোটা-বাঢ়নী লৈ গাঁধী জাবৰ চাফ কৰক, নাঙল কোৰ লৈ গাঁৱলীয়াৰ পথাৰত আৰু শাকনিবাৰীত সহায় কৰক, স্বাস্থ্যৰ বিষয়ে নিজে আহি দেখুৱাই আৰু বুজাই গাঁৱলীয়াক স্বাস্থ্যৰক্ষং উপায় শিকাওক, পথাৰ আৰু হোলাৰ দুষিত খোৱাটাে পৰিত্যাগ কৰাওক, খোৱাপানীৰ পুখুৰীত " ধোৱা, কাপোৰ ধোৱা ইত্যাদি যে বেয়া আ*