সমললৈ যাওক

পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(৭) কি উপায়ে ইয়াক হাত কৰিব পাৰি এয়ে সমস্যা। স্বাধীন দেশত আইন কৰি নিজৰ বেপাৰ-ব্যৱসায় বিদেশীৰ হাতৰ পৰা নিজৰ হাতলৈ অনা হয়। কিন্তু অসমৰ সেই বাট বন্ধ। তেন্তে আন কি উপায় ? (৮) আন উপায়– “অসমীয়াই অসমীয়াক সহায় কৰা। অসমীয়াসকলে ঠায়ে ঠায়ে দোকান পাতিবলৈ আৰু বেপাৰ কৰিবলৈ ধৰিলে অসমীয়া ৰাইজে তেওঁলোকক সকলো প্ৰকাৰে সহায় কৰিব লাগিব, আসামৰ ইমূৰৰ পৰা সিমূৰলৈকে একেলগে বহুত অসমীয়া বেপাৰ কৰো বুলি আগুৱাই আহিব লাগিব আৰু তেওঁলোকক সহায় কৰো বুলি গোটেই ৰাইজ একত্ৰ হৈ উঠিব লাগিব। যি ঠাইত বিদেশীয়ে দোকান আৰু বেপাৰ কৰিছে সেই ঠাইলৈ অসমীয়াই গৈ দোকান আৰু বেপাৰ দিব লাগিব আৰু গাঁৱলীয়া ৰাইজে সেই অসমীয়া বেপাৰীকহে মাথোন সহায় কৰিব লাগিব। (৯) এই কার্য সাধন কৰিবলৈ অসহযোগী আন্দোলনৰ নিচিনা এটা ডাঙৰ আন্দোলন লগাই দেশ খলক লগাব লাগিব। গাঁৱে গাৱে নগৰে নগৰে অসমীয়া ৰাইজক বুজাব লাগিব যে ভাৰতৰ স্বৰাজ লাভৰ কাৰণে আসামৰ স্বাতন্ত্ৰা ৰক্ষা কৰাৰ আৱশ্যক হৈছে আৰু বৰ্ত্তমান অৱস্থাত ধন্যবল নহ’লে সেই স্বাতন্ত্র্য ৰক্ষা নহয়। ধন লাভৰ ঘাই উপায় বেহা-বেপাৰ। ই এতিয়া অসমীয়াৰ হাতত নাই। বিদেশীৰ হাতৰ পৰা বেহা-বেপাৰ অসমীয়াৰ হাতলৈ আনিব লাগিব। এদলে দোকান দিওঁ, বেপাৰ কৰো বুলি মৰো-জীওঁ সোঁ -আধি কৰি ওলাব লাগিব, বাকীবোৰে তেওঁলোকৰ দোকানৰ পৰাহে বস্তু-বেহানি নিব লাগিব, আৰু তেওঁলোকক হে মাথোন বেপাৰ কৰিবলৈ ৰীতিমতে নগৰে নগৰে সভা-সমিতি, গাৱে গাৱে শাখা সমিতি পাতির লাগিব আৰু ঠায়ে ঠায়ে বক্তৃতা দি কাকতত লিখি দেশময় আন্দোলন কৰি তোলপাৰ লগাব লাগিব। (১০) এই কাৰ্যসাধনত অৱশ্যে বহুত বিঘিনি। বিদেশীয়ে ধন বলেৰে বা আন উপায়েৰে এই কাম নিষ্ফল কৰিবলৈ অহোপুৰুষাৰ্থ কৰিব। বিদেশীয়ে নানা উপায়েৰে অসমীয়া ৰাইজক হাত কৰিবলৈ চেষ্টা করিল। কিন্তু বিদেশৰ সেই যত্ন যাতে সফল হ'ব নোৱাৰে তাৰ চেষ্টা গুৰিৰ পৰা কৰিব লাগিব।” ওপৰৰ এইবোৰ গ্ৰছকাৰৰ কথা। আমাৰ কথা :ওপৰৰ কথা এৰা এৰা হয়, হয়। উপায়বোৰ বৰ টান।কিন্তু