পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

১৪

       হিন্দু মুছলমানৰ মিল বাঢ়ক চাৰি দিনে দিনে টুটিহে গৈছে। ভাৰতৰ মহা দুৰ্দ্দশা বুলিব লাগে। মহাত্মা গান্ধীয়ে গঢ়-গতি দেখি গুৰি-বঠা এৰি দিলে। তেওঁ কি কৰিব! কপালৰ কথা। যি হওক, আমাৰ মনেৰে তেওঁ ভালকে কৰিলে। ল’ৰা যদি এধাকটা হয় তাক ডাঙৰে যিমানকে মূৰে-ভৰি-নাকাঢ়িবলৈ কয়, সি উলটি সিমানকে কাঢ়ি থাকে। সেইদেখি সেই টটাটিঙাক শুধৰাবলৈ সেইটো বাট এৰি দি আন বাট ধৰাহে উচিত। সেইটো বাট হৈছে: তাক তাৰ মনোনীত আওবাটেহে একেবাৰেই ভালকৈ চেকুৰিবলৈ এৰি দিয়াটো। তাৰ সেই আওবাটে সি বলিয়া-বতিয়া হৈ চেকুৰি ফুৰোতে যেতিয়া তাৰ পিঠি বগৰি জেং আৰু কোট্‌কোৰা কাঁইটে ছিৰাছিৰ কৰিব; পেট কাঠৰ জোঙাল মৃঢ়াই খুচি ফালি এধাধুনা কৰিব; আৰু খাৱৈত পৰি ভৰি ভাগিব; আৰু “আই ধৰ বাই ধৰ” লাগি পৰিব, তেতিয়া বান্ধৈৰ চেতন অহাটাে ধুৰূপ। নিজে তিতি বুৰি শিকাটোৱেই ভাল শিকনি। সেইদেখি সম্প্ৰতি হিন্দু-মুছলমানে পৰম্পৰ মূৰ ফলাফলি কৰাটোৱেই একৰকম ভাল। ফটা মূৰ লৈ যেতিয়া টটাটিঙা দুয়ো বৰখাৱৈত পৰি ভালকৈ কেকাব তেতিয়া দুই ভাইৰ মিলৰ আদিপাঠ কিতাপৰ প্ৰথম পাত মেল খাব।

* * *

কুৰু-পাণ্ডৱক মিলাবলৈ, দুই ভাইক দ্বন্দ্ব নকৰিবলৈ, তেওঁলোকৰ কত বন্ধু-বান্ধৱে, ঋষি-মুনিয়ে, আৰু শ্ৰীকৃষ্ণই চেষ্টা কৰিলে, বুজালে, কিন্তু একোতে একো নহ’ল! হ’ল কেতিয়া? তেতিয়া, যেতিয়া, তেওঁলোকৰ তিনি যুগীয়া বুঢ়া ভীষ্মকে প্ৰমুখ্যে কৰি বুঢ়া-ডেকা-ল'ৰা এই এটাইবোৰৰে হাত ভৰি, মূৰ ভাগিল আৰু অঘাইটং অভিমানী দুৰ্যোধনৰ কৰঙন গদাৰ কোবত ভাগি "আই ঔ! মৰিলো ঔ " লাগিল। ইয়াৰ পিছতে দুই দলৰ পো-নাতিবোৰেই মিলিজুলি ভাৰতত হেজাৰ বছৰ সুখ শান্তিৰে ৰাজত্ব কৰিলে। আপদৰ এনে বাটে শান্তি ডাঙৰ সভা-সমিতিৰ বক্তৃতাৰ বাটেদি হোৱা নাছিল। মিলন-সন্দেশ হাতত লৈ দুৰ্য্যোধনৰ সভালৈ যোৱা কৃষ্ণক দুৰ্য্যোধনে বান্ধি ধৰি কিলাব খুজিছিল। এদলে এতিয়াও পাৰিলে গান্ধীক ধৰি বান্ধি কিলায়।

* * *