সমললৈ যাওক

পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰি নিজেই প্রশংসা কৰাটাে অপচু কথা কিন্তু চাওঁতাসকলৰ মতামত বুজিব পৰা গৈছে যে তেওঁলোক সকলোৱেই অভিনয় চাই সন্তুষ্ট হৈছিল। সাজ-পাৰ, ভাব ভঙ্গিমাবিলাক স্বাভাৱিক কৰিবলৈ যত্নৰ ক্ৰটী কৰা হোৱা নাছিল। নাটকত থকা নাম আৰু গীত প্রায় আটাইবি গোৱা হৈছিল; মাত্র 'হেলায় ৰতনৰ ঠাইত আধ্যাত্মিক ভাবৰ এটা অসমীয়া গীত ৰচনা কৰি গোৱা হৈছিল। সেউতীৰ ভাও লোৱা ডেকাজন সুন্দৰ গায়ক-– শ্ৰীযুত অতুলচন্দ্র দাস। ডালিমীৰ ভাও লৈছিল শ্রীমান আনন্দচন্দ্ৰ শৰ্ম্মাই (এইবাৰ ১ম বিভাগত মেট্রিক পাছ কৰিছে)। তেওঁৰ ভাও সচাকৈয়ে মনমোহা হৈছিল। ডালিমীৰ গীতবিলাকৰ সুৰ নতুন ধৰণেৰে দিয়া হৈছিল। প্রত্যেকটোতে encore পৰিছিল। গদাপাণিৰ ভাও লৈছিল শ্ৰীযুত পদ্মধৰ চলিহা এম, এ, বি, এল উকীলে। তেওঁ চৰিত্ৰটো ভালকৈ interpret কৰিবলৈ নথৈ যত্ন কৰিছিল। বিশেষকৈ smioistą RTFF-REGI SIĘ struggle of sentiments প্রকাশ কৰাত তেওঁ বহুতদূৰ কৃতকাৰ্য হৈছিল বুলি মোৰ বিশ্বাস, আৰু চাওঁতাসকলৰো সেয়ে মত। - “গম, গমনী, পিথু চাংমাই তৰবৰী, বন্দুলী এইবিলাকৰ ভাও বিতোপন হৈছিল। জয়মতীৰ ভাও লৈছিল শ্ৰীযুত ভবেন্দ্রনাথ কাকতি নামৰ এজন ডেকাই। তেওঁ চৰিত্ৰটো বেছিকৈ ফুটাই তুলিছিল। "মুঠতে জয়মতী কুঁৱৰী যে অসমীয়া ষ্টেজৰ সম্পূর্ণ উপযোগী আৰু অসমীয়া নাট্য-সাহিত্যৰ ওখ আসন পাবৰ উপযুক্ত কোনেও অস্বীকাৰ কৰিব নোৱাৰে"। কোন বাপেকে পুতেক-জীয়েকৰ যহ শুনিলে আনন্দ নাপায় গতিকে "জয়মতী কুঁৱৰী” নাটকৰ জনকক যে ওপৰৰ কথাবোৰে আনন্দ দিছে, তাক নকলেও হ'ব। আৰু সেই আনন্দৰ ভাগ like a fond rather কাহুদী খাৰলি