তুমি কি কৰিব পাৰিবা সেই ভুলৰ সৰিয়হবোৰক নমঃ গজা মেলাই লোৱা দেখিবা, একে দোপতে ভাৰত উজান নতুবা নেচেল। গান্ধীয়ে তাকে কৰিবলৈ গৈছে— অকল মুখৰ মহলা মাৰিয়েই নহয়, হাতে-কলমে।
- + +
খ্ৰীছ খৃষ্টৰ জীৱনৰ সম্পর্কে আমি যি জানিছে, সি মেধু, মার্ক, লুক, আৰু জন এই চাৰিজনৰ সুসমাচাৰ প্ৰচাৰকৰ চাৰিখন গছপেল গ্ৰন্থৰপৰা। এই চাৰিখন গ্রন্থৰ ইতিহাস কৌতুহল উদ্দীপক। এই কেইখনৰ বাহিৰে আগেয়ে যীচুৰ জীৱনী আৰু শিক্ষাৰ কথা থকা অনেক গ্রন্থ আছিল। খৃষ্টধৰ্ম্ম সম্প্রদায়ে সেই কিতাপবোৰ খৃষ্টৰ বিষয়ে তেওঁলোকৰ মনে নোখোৱা নানা কথা লেখা থকা বাবে সভা পাতি বিচাৰ আৰু সিদ্ধান্ত কৰি সেইবোৰ ধ্বংস কৰি পেলালে আৰু মাথোন এই চাৰিখন গ্রহণ কৰি ৰাখিলে। ৫৫ খনৰ উপৰি এনে প্রস্থ নষ্ট কৰাৰ কথা পোৱা যায়। মেথু, মার্ক, লুক, জন, খৃষ্টৰ লগে লগে ফুৰা শিষ্য আছিল। পৰস্পৰ বিৰুদ্ধ আৰু আত্মবঞ্চিত নানা কথা এই গ্রন্থবোৰত লিখিত। এখনত খৃষ্টৰ অলৌকিক জন্মৰ বিষয়ে লেখা নাই, আনখনত তেওঁক ডেভিডৰ বংশধৰ বোলা নাই, ইত্যাদি। মার্কে আৰামেয়িক (Aramaic) ভাষাত তেওঁৰ গ্ৰন্থ আৰু হিব্রু ভাষাত তেওঁৰ গ্ৰন্থ লেখিছিল। ইউছুবিয়েছে (Eusubios) কয় যে মেথু, মার্ক, লুক, আৰু জনে স্বতন্ত্ৰভাৱে তেওঁলোকৰ কিতাপ লেখা নাছিল; তেওঁলোকৰ আগত দুখন বিৱৰণ দিয়া হৈছিল, আৰু সেইমতে তেওঁলোকে নিজ নিজ বর্ণনা লেখিছিল। ৪০-৫০ খৃষ্টাব্দত কৃষ্টীয় সম্প্রদায়ৰ মুখ্য শ্বিমিয়ন বাৰজনাৰ (shimeon Bar "), যাৰ নাম লা পিয়েৰি (La Pierre), কর্তৃত্বত আৰু পৰিচালনাত আৰু তেওঁৰ তলতীয়া আন আন পাদুৰীসকলৰ তত্ত্বাৱধানত এই পুথিকেইখন সংকলিত হৈছিল। মীছৰে জীৱনৰ ১২ বছৰৰ পৰা ৩০ বছৰ কালডোখৰ যীচুৱে ক’ত কি কৰি কটাইছিল, তাৰ সম্ভেদ এওঁলোকৰ কিতাপত একো পোৱা নাযায়। ৰুছ পর্যটক নিকলছনটভিচে তিব্বতৰ হিমিচ বিহাৰত পোৱা গ্রন্থই কিন্তু এই সম্ভেদ দিয়ে। সেইদেখি সেই গ্রন্থত লেখা কথা বিশ্বাস শপক্ষে প্রমাণ বলবৎ হয়।* এই পঞ্চদশ বছৰ= চতুর্থ সংখ্যা, শাওণ, ১৮৪৭শক।