কৰি জপিয়াই ফুৰিছোহঁক। জীয়াই থাকিবলৈ পোনতে মানুহক ঘাইকৈ দুটা বস্তু লাগে, ভাত আৰু কাপোব। অথচ আমি লোকে কাপোৰ এডোখৰ নিদিলে নাঙঠা, আৰু লোকে আমাৰ মুখৰ ভাত কাঢ়ি খাইছে। ভাৰতবাসী ঘাইকৈ খেতিয়ক, তেওঁৰ আচুৰি-কামুৰি এমুঠি ধান আজিবলৈ এচমকা মাটি আছে, তেওঁ মন দি অলপ কাৰাংকুৰ কৰিলেই তেওঁৰ ভাতৰ দুখ অনেক পৰিমাণে গুচে। কিন্তু গাৰ কাপোৰৰ বিষয়ত লোকৰ ওচৰত হাত নাপাতিলে তেওঁ একেবাৰেই দিগম্বৰ। অতীজত যি আছিল, কিন্তু সভা অৱস্থাতো মানুহ দিগম্বৰ হৈ থাকিব নোৱাৰে, সেইদেখি তেওঁৰ হাতৰ-কাণৰ বেচিও, নাখাই-নবৈও এডোখৰ কাপোৰ কিনি ল’বৰ দৰকাৰ, নতুবা নচলে। বছৰি কম পক্ষেও যাঠি ক্রোৰ টকা ভাঙি দুখীয়া ভিকহু ভাৰতবাসীয়ে বিদেশৰ পৰা কাপোৰ কিনি আনি লাজ আৰু প্রাণ ৰক্ষা কৰে। এনে শোচনীয় অৱস্থাৰপৰা ভাৰতবাসীক উদ্ধাৰ কৰিবলৈ মহাত্মা গান্ধীয়ে মৰিমুজি আকৌ ভাৰতত যতব আৰু তাতশালৰ জীৱন দিবলৈ চেষ্টা কৰিছে। কিন্তু আমি মহাপণ্ডিত আমি কওঁ, গান্ধীৰ ভুল, অকল যঁতৰ, তাতশালেই ভাৰতক মনুষ্যত্ব দিব নোৱাৰে, আমি হ’লেহে দেশ উদ্ধাৰ হ’ব; যতৰ তাঁতশাল আমাৰ নিমিত্তে ৰাজনীতিৰ চৰ্চা কৰিব কোনে? আমি তাঁতশালৰ মাকো হাতত ল’লে, কবিতাৰে কাব্যৰ দীঘ-বাণি বব কোনে? আমি দার্শনিক বা "টোপনিক” নহলে অচৰিতে দেশ উদ্ধাৰৰ টোপনিত সমাজিক দেখিব কোনে? গান্ধী বলিয়া। এইদেখি বলিয়া গান্ধী ভাল মানুহ, সাধু মানুহ সঁচা কিন্তু তেওঁ ৰাজনৈতিক নেতা হ’বৰ যোগ্য নহয়, আমিহে যোগ্য; কাৰণ আমি “মই বৰচন্দ্র” তেওঁ ৰাজনৈতিক পথাৰৰ পৰা গুচি যাওক, আৰু হিমালয়ত তপস্যা কৰকগৈ; আমিহে দেশ উদ্ধাৰৰ হালত হাত দিব জনা অথচ নজনা বৰ হালোবা। কিন্তু নেতা হ’বলৈ যোৱা ভাৰতবাসী। "গুৰু যে ধন দিয়াছে তোৰে চিনলি না তাৰে।" "শিক্ষিত নামধাৰী তুমি এমুঠিও নোহোৱা; টোপনি এৰি সৌফালে চাই পঠিৱা দেখিবা, সৰিয়হৰ বৰ ডুলিৰ এডুলি ভাৰতীয় মানুহ পৰি আছে যাৰ ভাব, চিন্তা, আচৰণ, আশা, ইচ্ছাৰপৰা তুমি কিবা বেও দূৰত। সেই ডুলিৰ সৰিয়হবোৰ এৰি গৈ থাকি
পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/৭৬
অৱয়ব