সমললৈ যাওক

পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰচন্দ্র হিন্দু" হৈ তই মোক নুছুবি” গাই খলক লগাব লাগিছে– দেখিলে সঁচাকৈয়ে সৰ্ব্বাঙ্গ জ্বলি যায়। হিন্দুধৰ্ম্মৰ সাৰ বস্তু দলিয়াই পেলাই গোবৰৰ মিঠে তৈয়াৰ কৰি হাতীখুজীয়া বাটিত ভৰাই খাবলৈ বহি, আমি এনে বৰমেধি একোটা হৈ উঠিছে, দে দেখে কোনে! + + + ডাঙৰ ডাঙৰ ইংৰাজী-সাহিত্যৰথীসকলৰ বংশাৱলীৰ ফালে চকু দিলে দেখা যায় যে তেওঁলোকৰ ভালেমানৰ বুপা-ককাসকলেৰে সৈতে সাহিত্যৰ সম্পর্কই নাছিল। চছৰ (Chaucer) শুড়ীৰ ঘৰৰ ল’বা৷ শ্বেক্সপিয়েৰ মজলীয়া শ্ৰেণীৰ মানুহ, ছাৰ বাল্টৰ স্কটৰ ফালে চকু দিলে দেখা যায় long line of Border "cattle liftors." Coso oso ষ্টিভেনছন ইঞ্জিনিয়াৰৰ ঘৰৰ।

  • * *

জগতত আবির্ভাব হোৱা প্রত্যেক মহাপুৰুষে ঈশ্বৰৰ পৰা সেই সময়ৰ আৱশ্যকীয় একোটা message Hoffs বচন-সন্দেশ” বা বাৰ্ত্তা লৈ আহে। তেওঁ আন সকলো এফলীয়াকৈ কাতিকৈ থৈ প্রাণপাতকৈ সেই বাৰ্ত্ত প্ৰচাৰ কৰি। মহাত্মা গান্ধীৰ বচন-সন্দেশ ঃ “ভাৰতবাসী। আকৌ তহঁত মানুহ হ” উপায় ঃ (১) ভাৰতীয় বিভিন্ন জাতি আৰু ধৰ্ম্মৰ মানুহৰ ভিতৰত একতা, (২) হিন্দুৰ ভিতৰত “মোক নুছুবি” ৰোগ বর্জন (৩) যঁতৰত নিজে সূতা কাটি নিজৰ গাৰ কাপোৰ বৈ লোৱা। এই কথা তিনিটাৰ ওপৰতে আমাৰ ভিতৰৰ নানা মুনিয়ে নানা মত প্রকাশ কৰি কথাৰ কুৱলীৰে আচল কথাটো ঢাকি নিজকে নপতা-আত্মাৰাম-ফুকন পাতি ওফন্দি বৰটো হৈ বহি আছে। আমি কুৱলী চৰ্জিব পৰা পৰাশৰ মুনিও নহওঁ, নপতা ফুকন মহামহিম মানবৰ শ্ৰীল শ্ৰীযুত আত্মাৰাম ফুকনো নহওঁ— গতিকে পোনপটীয়া যিটো দেখিছো তাকে কওঁ। আমাৰ এতিয়া এনে অৱস্থা বা দূৰৱস্থা হৈছে, যে আমাৰ দুইবেলা পেটত পেলাবলৈ এমুঠি ভাতও নাই, জাৰে জহে গাত ল’বলৈ এখন কাপোৰও নাই। অথচ আমি এটাইবোৰে "আগেয়ে চাউল কঠা, পাছতহে হৰিকথা" এই বুঢ়া বচন পাহৰি পছিমীয়াক দেখাদেখি নানা বিধৰ কীৰ্ত্তন