পুথি ৰচিত হৈছিল। অশ্বঘোষৰ বুদ্ধচৰিতো সংস্কৃত গ্রন্থ। কণিষ্কৰ ৰাজত্ব কালত এই গ্রন্থ ৰচনা কৰা হয়। ললিত বিস্তৰৰ মতে যেতিয়া পুষ্যানক্ষত্র চন্দ্ৰৰ বৃত্তত প্রবেশ কৰিছিল তেতিয়া বুদ্ধদেৱৰ জন্ম হৈছিল। আনেষ্ট ভন FCSG (Earnest Von Bunsen) so TTS seit Fß উলিয়াইছে যে বুদ্ধৰ জন্মদিন হয় ডিচেম্বৰ মাহৰ ૨૪ তাৰিখে। খৃষ্টমাছ অর্থাৎ যীছুথুষ্টৰ জন্মদিনো এই তাৰিখতে। + + + অশ্বঘোষৰ বুদ্ধচৰিতত আছে যে ৰাজগৃহৰ ৰজা বিম্বিসাৰক তেওঁৰ স্ত্ৰীসকলে কৈছিল,— আজি এটি ল’ৰাৰ জন্ম হৈছে, গ্ৰহ নক্ষত্ৰৰ ফলে সূচায় যে সেই লৰা জগতত শ্রেষ্ঠ হব। জ্ঞানী মানুহ কেইজনমানে এইদৰে ইহুদীৰ ৰজাকো কীছুৰ জন্মৰ কথা কৈছিল। নিৰঞ্জন নৈত গৌতমে স্নান কৰি উঠি অহঁত কালমৰ ওচৰত দীক্ষা ল’লে। কিন্তু অহঁতে ততালিকে গৌতম কোন জানিব পাৰি অর্ধাঞ্জলি গৌতমক দিলে। গেলিলিৰ পৰা অহাৰ পিছত যীছুৱে জর্ডন নৈত স্নান কৰি জন-দি-বেপ্টিষ্টৰ ওচৰত দীক্ষিত হলত জন-দি-বেপ্টিন্তে যীচুক ক’লে, মইহে তোমাৰ ওচৰত দীক্ষা ল’ব লাগে। + + + বুদ্ধই প্রথমতে যেতিয়া বৈশালিত ধৰ্ম্ম প্রচাৰ আৰম্ভ কৰে তেতিয়া তেওঁৰ বয়স ৩০ বছৰ। খৃষ্টইও ৩০ বছৰ বয়সত ধৰ্ম্ম প্রচাৰ আৰম্ভ কৰাৰ কথা লিখা আছে। বুদ্ধৰো ১২ জন ডাঙৰ শিষ্য; খৃষ্টৰো ১২ জন। বুদ্ধই বাৰানসীত তেওঁৰ প্ৰথম বক্তৃতা দিওঁতে যদিও সেই বক্তৃতাৰ ভাষা তেওঁৰ মাতৃভাষা মাগধী আছিল, তথাপি শ্রোতাসকল যদিও নানা ভাষা ভাষী লোক আছিল, যেনে সৌৰাষ্ট্ৰী, মহাৰাষ্ট্রী গান্ধাৰী, কলিঙ্গী, তথাপি সেই বক্তৃতা সকলোৱে নিজ মাতৃভাষাত কোৱা যেন শুনি বুজিছিল৷ খৃষ্টৰ বক্তৃতাৰ বিষয়েও এনে ঘটিছিল বুলি খৃষ্টীয় ধৰ্ম্মপুস্তকত লেখা আছে। বুদ্ধই তেওঁৰ আগৰ অনেক জন্মৰ কথা সুরৰিব পাৰিছিল। জনে লেখা গছপেলত আছে যে ফেৰিছিবোৰে যেতিয়া যীচুক ক’লে যে তোমাৰ বয়স ৫০ বছৰ হোৱা নাই,
পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/৭২
অৱয়ব