পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মছজিদৰ ভিতৰতে দেখা কৰি তাতে থাকিবলৈ দিছিল। কনষ্টেন্টিনপোলৰ খালিফাটুল মছলেমসকলে শুকুৰবাৰে ছেণ্ট ছফিয়া মছজিদত ছালেম আলেক উৎসৱত সদায় যোগ দিছিল, সেই উৎসৱত তুৰ্কীবেণ্ড বজোৱা হৈছিল। মক্কাযাত্ৰী মাহমেল শোভাযাত্ৰাত সদায় ইজিপ্টৰ বেণ্ড বজোৱা হৈছিল। মুছলমান বাদশ্যাহসকলৰ দিনত দিল্লীৰ জুমা মছজিদৰ সন্মুখত ৰামলীলাৰ উৎসৱ ৰজাঘৰৰ লোকসকলে মছজিদৰপৰা চাই, ৰামলীলাৰ প্ৰধান ভাৱৰীয়াৰ ডিঙিত মালা পিন্ধাই দিছিল। কলিকতাত এক মুছলমান পৰিবাৰৰ বিয়াত তেওঁলোকৰ ঘৰৰপৰা যি শোভাযাত্ৰা বাহিৰ হৈছিল, সেই ঘৰৰ টোলৰ ভিতৰতে মছজিদ এটা আছিল। আজিলৈকে এটা আখৰাৰপৰা গান-বাজনাৰ সৈতে শোভাযাত্ৰা বাহিৰ হয় আৰু আন আন আখৰাৰপৰাও সেইদৰে বাহিৰ হৈ মৌলাআলি দৰ্গালৈ যায়। দৰ্গাৰ কাষতে মছজিদ; অথচ তাত সেই বাজনা কেইবাঘণ্টাও চলি থাকে, কোনেও কেতিয়াও আপত্তি নকৰে। এই দেখি মই কওঁ, যে মজিদৰ কাষত বাজনাৰ কথাটোৰে ছেৰিয়টৰ (Shariat) সম্পৰ্ক নাই, এইটো “ফেক্‌ৰা” স্বাৰ্থপৰ মানুহ কিছুমানে উলিয়াই নজনা মানুহক উচটাই এনেকুৱা কৰিছে।

***

       মোটামুটিভাৱে ক’বলৈ গ’লে আৰ্য জাতিৰ মানুহৰ ধৰ্ম্মত সঙ্গীতক অতি ওখ ঠাই দিয়া হৈছে, আৰু ঈশ্বৰোপাসনাৰ এটি প্ৰধান অঙ্গ বুলি তাক ধৰা হৈছে। ছেমিটিক জাতিৰ ধৰ্ম্মত সঙ্গীতৰ অতি তল ঠাই। এই ধৰ্ম্মত সঙ্গীতক বাইজীৰ নৃত্যগীত, মতলীয়া আৰু দুশ্চৰিত্ৰ মানুহৰ নাচ গানেৰে লেটিপেটি কৰি থোৱা হৈছে। এইবাবেই ছেমিটিক জাতীয় ধৰ্ম্মৰ তীৰ্থস্থান আৰু উপাসনাৰ ঠাইত সঙ্গীতৰ প্ৰৱেশ নিষেধ। "মিউজিকৰ বিষয়ে শ্বেক্সপিয়েৰে কয় –
"The man who hath no music in himself Nor is not moved by concord of sweet sound. Is fit for treason, stratagems and spolis, Let no such man be trusted."