monotheism of semi-barbarous semites as the Jews and the Arabs." + + + বুদ্ধৰ ধৰ্ম্ম সাৰ আছিল সকলো জীৱনৰ প্রতি দয়া আৰু প্রকৃত জ্ঞানোপার্জন। দুইটাৰে বুদ্ধই সামঞ্জস্য কৰিছিল। ইহুদীধৰ্ম্মৰ মতে— অবিশ্বাসীক কুকুৰ-- শিয়াল-শগুণক দিয়াটো— ("And their Carcass shall be meat unto all fowls of the air, and unto the beasts of the earth, and no man shall fray them away." "Him that dieth of Jeroboum in the city shall the dogs eat; and him that dieth in the field shall the fowls of the air eat. for the Lord hath spoken it.") + + + চীনদেশৰ বৌদ্ধধৰ্ম্মৰ গ্ৰন্থত আছে, বুদ্ধই ভৱিষ্যতবাণী কৰিছিল যে তেওঁ মৃত্যুৰ পিছত আকৌ দেখা দিব। আৰু লেখা আছে বুদ্ধই মৃত্যুৰ পিছত তেওঁৰ coffin-lid অর্থাৎ তেওঁৰ মৃত্যুদেহ বন্ধ কৰি থোৱা পেৰাৰ ঢাকনি মেলি ওলাই আহি তেওঁ মাকক দেখা দি সাত্বনা কৰিছিল। মানুহৰ পুৰণি কালৰপৰা চলি অহা বিশ্বাস যে দেৱতাই ৰক্ত বলি পালে সন্তুষ্ট হয়। এইটোৱেই আনক পাপৰপৰা মুক্ত কৰিবৰ নিমিত্তে খৃষ্টই নিজৰ ৰক্তদান কৰাটোৰ গুৰি। খৃষ্টান ধৰ্ম্মত পাদুৰীসকলৰ ভিতৰত গুৰিৰেপৰা প্রচলিত উদাসীন আৰু বিষয়া বুলি যে দুটা সম্প্রদায় আছে (regular and secular clergy) WRF monk, nun, convent বৌদ্ধৰ ভিক্ষু-ভিক্ষুণী আৰু বিহাৰ, সঙঘ ইত্যাদিৰ চিনছাব স্পষ্টকৈ দেখিবলৈ পোৱা যায়। পুৰণি Jewish ধৰ্ম্মৰ সম্প্রদায় কিন্তু এনে নহয়। + + - বিখ্যাত ৰুছ পর্যটক নিকলাছ নটভিচে (Nicolas Notovitch) তিব্বতৰ ছিমিচ নামৰ বিহাৰত অতি প্রাচীন কালৰেপৰা থকা এখন পুথি আৱিষ্কাৰ কৰিছিল। সেই পুথিত যছক এজন বৌদ্ধ সাধু বুলি বর্ণনা কৰি কোলা হৈছে যে তেওঁ ভাৰতলৈ আহি গৌতমাইত বিহাৰত ছবছৰ আছিল আৰু ২১ বছৰ বয়সত সেই
পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/৬২
অৱয়ব