পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঈশানী সম্প্রদায় এটা বৌদ্ধ সম্প্রদায় মাথোন। থিৰাপিউটিক্স (Therapeutics) নামে এটা ধৰ্ম্ম সম্প্রদায় ইজিপ্টত আছিল এই সম্প্রদায়ৰ ধৰ্ম্ম-কৰ্ম্মও ঈশানী সম্প্রদায়ৰ দৰে। মেগ (Magi) নামেৰে ধৰ্ম্ম সম্প্রাদয় এটা পাৰস্যত আছিল। জিমনেছিফিষ্ট (Gymnosophist) নামেৰে এটা বৌদ্ধধৰ্ম্ম সম্প্রদায় ভাৰতত আছিল। এই মোগ আৰু জিমনোছফিষ্টবোৰৰো ধৰ্ম্মাচৰণৰ গঢ়-গতি ঈশানী সম্প্রদায়ৰ দৰে। নিজনত ধৰ্ম্ম চিন্তা, জীৱহতা পৰিত্যাগ, সন্ন্যাসীৰ দৰে থকা এই এটাইকেইটা সম্প্রাদয়ৰ মুখ্য বস্তু অর্থাৎ এটাইকেইটাতেই বৌদ্ধধৰ্ম্মৰ প্রধান নিদর্শনবোৰ প্ৰচুৰ। আৰ্ম্মেনিয়াত এটা হিন্দু উপনিবেশ (Hindu Colony) খৃষ্টীয় ১ম শতিকাৰপৰা ৪র্থ শতিকালৈকে আছিল বুলি এখন পুৰণি আৰ্ম্মেনিয়াৰ বুৰঞ্জীত লেখা আছে। বেবিলনতো হিন্দুৰ এটা উপনিবেশ আছিল, তাৰ নাম ছিন্দৰি। + + + পুৰণি ঐতিহাসিকসকলে লেখি গৈছে যে এলছাই (Ekhasai) সকলে তেওঁলোকৰ ধৰ্ম্মপুস্তক পার্থিয়াৰ ছিৰিছ (Seres) সকলৰপৰা পাইছিল। ওপৰত কৈ অহা ঈশানীৰ আৰু এটা নাম এলখাছাই। ছিলিছসকলক ঐতিহাসিক হৰেচে (Horace) ইণ্ডিয়াৰ মানুহ বুলি লেখি গৈছে। ছিৰিছবোৰৰ আচাৰ-ব্যৱহাৰ আৰু ধৰ্ম্মমতৰ কথা পঢ়িলে মনত অলপো সন্দেহ নাথাকে যে ছিৰিছবোৰ বৌদ্ধ ধৰ্ম্মাৱলম্বী। সেইদেখি এলখছই বা ঈশানীসকলে পার্থৰ ছিৰিছবোৰৰপৰা যি ধৰ্ম্মপুস্তক পাইছিল সেই পুস্তক যে বৌদ্ধধৰ্ম্মশাস্ত্র এই কথাত সন্দেহ নাথাকে। পালি শব্দ ঈশিন, ঈশায় মানে বৌদ্ধ ভিক্ষু, গ্রীক Eassani আৰু Eassioা আদি ঈশিন আৰু ঈশানৰ নিচিনা নিউ টেষ্টেমেণ্টৰ (New Testament) of oz. olf-soo (John The Baptist) ঈশানী (Essene) বোলে। ঈশানীবোৰ এক সম্প্রদায়ৰ বৌদ্ধ আছিল, এইটো প্রমাণ হ’লে জন-দি রেপ্টিষ্ট ও ঈশানী বৌদ্ধ প্রমাণিত হয়। যীচুখুষ্টক জন-দি-বেষ্টিষ্টে বেস্টাইজ কৰিছিল, অর্থাৎ ধৰ্ম্ম দিছিল ব্ৰাআভিষেক কৰিছিল। সেইদেখি খৃষ্টই যে বৌদ্ধধৰ্ম্মৰ মত আৰু বিশ্বাস পাইছিল এই যুক্তিৰ হাত সাবিব নোৱাৰি। + + +