সমললৈ যাওক

পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাতৃকা, যোগিনী পঞ্চডাকিনী, গন্ধৰ্ব্ব, গৃহদেবতা, ভূত সম্প্রদােয়ত স্থান দিলে। তন্ত্র-শাস্ত্ৰৰ মন্ত্রাদি আৰু সাঙ্কেতিক চিনবোৰও গ্রহণ কৰিলে। নেপালত এই তান্ত্রিক মতৰ আদিগুৰু পেছোৱাৰৰ অসঙ্গ নামৰ সন্ন্যাসী এজন। এওঁ খৃষ্টীয় ষষ্ঠ শতাব্দীত আছিল। তেওঁৰ শিক্ষা-দীক্ষাৰ প্ৰভাৱত নেপালীয়ে বুদ্ধৰে সৈতে শৈৱ শাক্ত দেৱ-দেৱীৰ অৰ্চনা আৰম্ভ কৰে আৰু তেওঁলোকৰ মঠ-মন্দিৰ তান্তিক দেৱ দেৱীৰ প্ৰতিমূৰ্ত্তিৰে ভৰায়।

  • * *

নেপাল, ভুটান আৰু চিকিমত বৌদ্ধধৰ্ম্ম যেনেকৈ পৌৰাণিকতা আৰু তান্ত্রিকততাৰে সৈতে মিহলি হৈছে, তিব্বততে অলেখ কুসংস্কাৰেৰে সি ঢাক খাই পৰিছে। প্রার্থনাচক্র অর্থাৎ কল ঘূৰাই তেওঁলোকে প্রার্থনা কৰাৰ নতুন পথ এটা উলিয়াই ল’লে। এই বৌদ্ধসকলৰ প্রার্থনাৰ মন্ত্র— "ও মণি পদ্মে হু”। ইয়াৰ আচল মানে কি তেওঁলোকেহে জানে। কোনোৱে কয়, মানে— হৃৎপদ্মত ধৰ্ম্মৰ মণি। কোনোৱে কয়, পদ্মপাণি অবলোকিতেশ্বৰ। প্রার্থনাৰ পতাকা উৰায়ো তাৰে তেওঁলোকে প্রার্থনা-চক্রৰ বাহিৰে প্রার্থনাৰ কাম কৰাই লয়। তিব্বতৰ বৌদ্ধভিক্ষুৰ নাম লামা তিব্বতৰ অধিবাসীৰ প্রায় পাঁচভাগ লামা লামাৰ ঘাইজনক দলৈলাম বোলে। দলৈলামাক বুদ্ধৰ অৱতাৰ বুলি জ্ঞান কৰা হয়। তিব্বতী মানুহৰ বিশ্বাস যে এই লামাৰ মৃত্যু হলে, তেওঁৰ প্রেতাত্মা কোনো এটা শিশুৰ গাত প্রবেশ কৰে। সেই লৰা লামাক চিনি উলিয়ার লাগে। চিনি উলিয়ালে তেওঁকে দলৈলামা পতা হয়। + + - খৃষ্টীয় ছেইণ্ট (Saint) সকলৰ ভিতৰতো বুদ্ধদেৱৰ আসন আছে। বুদ্ধদেৱ ছেইণ্ট জোচাফৰ নামেৰে তাত বিৰাজিত। জোয়শ্নচু নামেৰে গ্ৰীক গ্রন্থকাৰ এজনে “বালাম আৰু জোচাফৎ" নামেৰে গ্ৰন্থ এখন গ্ৰীক ভাষাত ৰচনা কৰে। সেই উপখ্যানটো বুদ্ধ চৰিত্ৰৰ হুবহু নকল ৰোমান কাথলিক খৃষ্টানসকলে জোচাফতৃক নিজৰ ছেইণ্টৰূপে আত্মাসাং কৰি ৩০ নবেম্বৰত তেওঁৰ মৃত্যুৰ দিন পালন