পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আন্দোলনৰ বিষয়ে প্ৰতিবাদ কৰি নিজৰ মত বাতৰি-কাকতত প্ৰকাশ কৰিছেও। অসমৰ গৌৰৱৰ কথা যে আমাৰ অসমীয়া মুছলমান ভাই শ্ৰদ্ধাস্পদ মৌলবী তৈয়বুল্লাই প্ৰথমতে আলি ভাতৃদ্বয়ৰ কথাৰ আৰু হিন্দু মুছলমানৰ মিলনৰ বিষয়ে খিলাফৎ কমিটিৰ কাৰ্য্যৰ প্ৰতিবাদ কৰে। তেওঁৰ পিছত বিহাৰ উৰিষ্যাৰ কো-অপাৰেটিভ ৰেজিষ্ট্ৰাৰ খাঁ বাহাদুৰ মহিবুদ্দিন আহমদৰ প্ৰতিবাদ চিঠি ওলায়। তাৰ পিছত মৌলবী লিয়াকৎ হুছেনৰ। তাৰ পিছত লাহে লাহে কেইবাজনৰ। বেঙ্গল প্ৰছিডেঞ্চিৰ মুছলিম লিগৰ অনৰেৰি ছেক্ৰেটৰী মিষ্টাৰ কুতুবুদ্দিন আহমেদও প্ৰতিবাদ কৰি এখন দীঘল চিঠি বাতৰি-কাকতত লেখিছে। এইবোৰ শুভ লক্ষণ।

***

       মিষ্টাৰ কুতুবুদ্দিন আহমদৰ চিঠিৰপৰা এইখিনিতে শাৰীচেৰেক তুলি দি দেখুৱাওঁ যে better and sober class-অৰ মুছলমানে এই নতুন আন্দোলনৰ বিষয়ে কি ভাবিছে। "The League is undoubtedly a sectarian organisation but it cannot be a party to the fraud perpretrated by the reactionary leaders over the Mussalmans of Bengal in the hame of religion as party weapon to gain selfish ends on account of the coming election and to become ministers to draw fat salaries" – ইয়াৰ সংক্ষেপ মানে, ধৰ্ম্মৰ নামত এই আন্দোলন বঙ্গদেশৰ সৰ্ব্বসাধাৰণ মুছলমানসকলক পেলাই দি উন্নতি-প্ৰতিৰোধক মুছলমান নেতাসকলে যি প্ৰতাৰণা কৰিছে, সেই কাৰ্য্যত "বেঙ্গল প্ৰেছিডেন্সি মুছলিম লিগে” যোগ দিব নোৱাৰে। নেতাসকলৰ মতলব হৈছে, এই গণ্ডগোল লগাই, অহা নিৰ্ব্বাচনত মন্ত্ৰী হৈ ডাঙৰ দৰ্ম্মহা খোৱাটো।

       এওঁৰ চিঠিৰপৰা আৰু এডোখৰ তোলোঁ — "l humbly submit that the playing of music before mosque should not be a religious issue when people of other denominations