এখনকে লব নোখোজে। অগত্যা মই তাক সেই কামৰপৰা এৰুৱাই দিবলগীয়াত পৰিলো।” এদিন এজনী মৎসজীৱিনীয়ে তাইৰ চৈধ্য-পোন্ধৰ বছৰীয়া ল’ৰা এটাক মোৰ ওচৰলৈ আমি মোৰ ভৰিত মাকপুতেক দুয়ো দীঘল হৈ পৰিল। তাই ক’লে যে তাইৰ খোজে। ল’ৰাটো দেখিবলৈ ভাল মানুহৰ ঘৰৰ ল’ৰাটো যেন মই তাক মোৰ ঘৰতে ৰাখি, মাইনৰি পঢ়িবলৈ দিলোঁ। কিন্তু স্কুলত আৰু ঘৰত বিৰোধ উপস্থিত হ’ল। ঘৰৰ আনবোৰ চাকৰে খাটাংকৈ ক’লে, যে সি থাকিলে সিহঁতে আৰু চাকৰি নকৰে। শেহত নিৰুপাই হৈ মই তাক তাৰ ঘৰলৈ পঠিয়াই দি ক’লো, যে তই তোৰ জাতীয় ব্যৱসায়ত ধৰ গৈ, নতুবা এই দেশৰ কতো টিকিব নোৱাৰিবি। সি ঘৰলৈ গৈ তাকে কৰি সুখেৰে কাল কটাবলৈ ধৰিলে।” + + + এটা ফ্রেঞ্চমেন আৰু এটা আমেৰিকানে বহি কথা পাতিছিল। ফ্রেঞ্চমেনটোৱেও ভালকৈ ইংৰাজী ক’ব নাজানিছিল, আৰু আমেৰিকানটোৱেও ভালকৈ ফ্রেঞ্চ কবলৈ নেজানিছিল; তথাপি ফ্রেঞ্চমেনটোৱে ফ্রেঞ্চ ক’বলৈ নেৰিছিল। দুয়োৰে কথাৰ অন্তত আমেৰিকানটোৱে যাবলৈ উঠি ক'লে "Reservoir " ফ্রেঞ্চমেনটোৱেও উঠি হাত বঢ়াই দি ক'লে "Tanks!" + + + কবি নবীনচন্দ্র সেনে তেওঁৰ জীৱন চৰিতৰ এঠাইত লিখিছে– “মই ফেণীত থাকোতেই, এদিন এজন ব্রাহ্মণে পিতশূলৰোগত মৰণাপন্ন হৈ মোক ক’লেহি, যে তেওঁ তাৰকেশ্বৰলৈ গৈছিল। তাত তাৰকেশ্বৰৰ দ্বাৰাই আদিষ্ট হৈ আহিছিল, যে মোৰ উচ্ছষ্ট খালে তেওঁ ৰোগমুক্ত হ’ব। মই কোনোমতে সন্মত নহওঁ, ব্রহ্মণেও নেবে। বামুণে কান্দি মোৰ ভৰিত পৰিবলৈ ধৰিলে। মই নিৰুপায় হৈ অলপ জলপান অনাই, কিঞ্চিৎ খাই তেওঁক খাবলৈ দিলো। ব্রাহ্মণে খাই মোক আশীৰ্ব্বাদ কৰি ঘৰলৈ গ’ল। কিছুদিনৰ মূৰত বাগণে হাঁহি হাঁহি আহি মোক ক’লেহি, যে সেইদিনা মোৰ প্ৰসাদ খাই যোৱাৰ পিছত ঘৰত তেওঁৰ দুদিন তিনি দনলৈকে বৰকৈ ৰাতি হৈছিল, তাৰ পিছৰপৰা তেওঁ
পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/৪৫
অৱয়ব