আলবাৰুণিয়ে আর্যভট্টৰ মতে তেওঁৰ গ্ৰন্থৰ উaেa কৰিছে– “আর্যভট্টই কয়, পৃথিৱী নিজৰ মেৰুদণ্ডত ঘূৰে, আকাশ আৰু গ্রহবোৰ নুঘূৰে যদিও আমি ঘূৰা যেন দেখো।” হিন্দুৰ অধঃপতনৰ কাৰণ, আলবাৰণিৰ মতে, “হিন্দুসকলে পৃথিৱীৰ আন কোনো জাতিৰে সৈতে সম্পর্ক নাৰাখে। হিন্দুৰ বাহিৰে আন জাতিক তেওঁলোকে ম্লেছ বোলে, আৰু সেইসকলৰ প্রতি তেওঁলোকৰ কোনো সহানুভূতি নাই। ভাৰতৰ বাহিৰে আন কোনো ঠাইৰ খবৰ হিন্দুৱে নলয়। হিন্দুৱে যি বিদ্যা জানিছিল, সহজে সেই বিদ্যা আনক নিশিকায়; আনকি তেওঁলোকৰ ভিতৰত নীহজাতিৰ মানুহক নিশিকায়। হিন্দুৰ এনে বিশ্বাস যে, তেওঁলোকৰ বাহিৰে পৃথিৱীৰ কোনো দেশ, কোনো জাতি, কি কোনো মানুহ বিদ্যাৰ অধিকাৰী নহয়। তেওঁলোক ইমান অহঙ্কাৰী যে তুমি যদি তেওঁলোকক কোৱা, যে খোৰাচান কি পাৰস্য দেশত অমুক বিদ্যাৰ চৰ্চা আছে অমুক বিদ্বান মানুহ আছে তেন্তে তেওঁলোকে তোমাক মুখ আৰু মিথ্যাবাদী বুলি ভাবিব। যদি হিন্দুৱে এবাৰ বিদেশ ভ্রমণ কৰি অন্যান জাতিৰ মানুহেৰে সৈতে মিলি-জুলি দেখি-শুনি আহিলেহেঁতেন তেন্তে তেওঁলোকৰ এনে সংকীর্ণ মত নাথাকিলহেঁতেন। কিন্তু তেওঁলোকৰ পূৰ্ব্ব পুৰুষসকল আজিকালিৰ হিন্দুসকলৰ দৰে সংকীর্ণ হৃদয় নাছিল।” এজনে এটা সৰু ল’ৰাক সুধিলে, “বোপা, তুমি পঢ়াশালিলৈ যোৱা নে? আৰু যাবলৈ ভাল পোৱা নে?" ল’ৰাটোরে উত্তৰ দিলে “যাওঁ, কিন্তু যোৱাতকৈ তাৰপৰা উভতি আহিবলৈ ভাল পাওঁ।”
- * *
বিখ্যাত কবি নবীনচন্দ্র সেনে তেওঁৰ আত্মজীৱন চৰিতত লিখিছে, যে তেওঁ ফেণীত ডেপুটী ম্যাজিষ্ট্রেট হৈ থাকোতে ঢাকাৰ এটা মেতৰৰ ল’ৰাই ছাত্রবৃত্তি পৰীক্ষা পাছ কৰি অতাই নিজৰ ব্যৱসায় এৰি “ভদ্রলোক” হ’বলৈ গৈ খৰচৰ নিমিত্তে লাহে লাহে পৈতৃক সম্পত্তি যি আছিল সোপাকে বেছি খাবলগীয়াত পৰিল। শেহত সি লুবং-ঠুবং হ'ল, আৰু তাৰ হাতত পইচা এটাও নাইকিয়া হ’ল। তাৰ দুৰৱস্থা দেখি মই কাছাৰীত তাক "একটিং" টেকেলাৰ কামত ভৰ্ত্তি কৰিলো। কিন্তু এই কাৰ্য্যত সকলো ইমান বিদ্রোহী হৈ উঠিল, যে তাৰ হাতৰপৰা কোনোৱা কাগজ