সমললৈ যাওক

পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাক্যৰ সৈতে সুৰৰ অভিন্ন অচ্ছেদ সম্বন্ধ লগাই দিয়ে স্থা অকল কথাৰে গভীৰ মৰ্ম্মবেদনা বুজাবলৈ যায় ৫৫ অনেক সময়ত কৃতকার্য নহয়। “মই মৰিলে।" মই গলো" "মোক খালে" অকল ইয়ে গভীৰ দুখৰ বেদন বুজাবলৈ সমর্থ নহয়। গভীৰ মৰ্ম্মবেদনাৰ ভাষা সুকীয়া । সেই ভাষা এক মাথোন সুৰ। এই সুৰেই মৰ্ম্মৰ ভাষা, স্থ বাক্য-যোজনালৈ অপেক্ষা নাৰাখে। এই আদিভাষাত সকলোৰে অধিকাৰ আছে। এই ভাষাত বিষাদ-বেদনৰ বৃত্তান্ত শুনিলে, তোমাৰ মন আকুল হ'ব, গা শিয়ৰি উঠিব। বাক্য অনেক সময়ত মৌখিক, সুৰ আন্তৰিক। কোনো সুৰ শুনি তুমি চঞ্চল নহ’লে বুজিব যে সেই সুৰ বেসুৰ, সি আন্তৰিক ভাবৰ সুকীয়া সুৰ নহয়। শোকৰ সুৰ সুকীয়া, আনন্দৰ সুৰ সুকীয়া। এইবাবেই ভাৰতৰ অভিজ্ঞসকলৰ দ্বাৰাই ৰাগ-ৰাগিণী আৱিস্কৃত বা সৃষ্টি হৈছিল। কিন্তু আজিকালি গান ৰচোতা আৰু গান গাওঁতাসকলৰ এই বিষয়ত কোনো বিষয়ে চিন্তা আছে যেন নেদেখি। প্রাচীন কালত কিন্তু এনে নঘটিছিল। তেতিয়াৰ সঙ্গীতবিদসকলে , যি ভাব হওক, ইচ্ছা কৰিলেই সুৰেৰে সেই ভাব শ্রোতাৰ মনত উদ্দীপিত কৰি দিব পাৰিছিল। আনকি জড় পদার্থকো তেওঁলোকে আজ্ঞাধীন কৰিব পাৰিছিল বুলি প্রবাদ আছে। মেঘমল্লাৰ সুৰেৰে তেওঁলোকে বৰষুণ দিয়াব পাৰিছিল, দীপকেৰে জুই জ্বলাব পাৰিছিল ইত্যাদি কিংবদন্তি প্রচলিত। কিংবদন্তি অমূলকেই হওক বা সমূলকেই হওক, ইয়াৰ মৰ্ম্মকথা কিন্তু সুগভীৰ। আজিকালিৰ সঙ্গীতৰ বেহা কৰোতাই ৰাগ-ৰাগিণীক সানিপুটকি খিচিৰি কৰি পেলায় এটা ৰাগিণীৰ পিঠিত আন দহোটাৰ দহডোখৰ তুলি দি ভাবে বৰ বাহাদুৰীৰ কাম কৰিলো। হর্ষব্যঞ্জক সুৰৰ কান্ধত বিষাদব্যঞ্জক সুৰৰ মূৰটো লগাই দি গণেশৰ কান্ধত ঐৰাৱত মূৰ লগাই দিয়াৰ নিচিনাৰ দৰে মূৰ্ত্তি এটা গঢ়ি উলিয়ায়, আৰু শ্রেতাসকলে কয় "বাঃ বাঃ!" আৰ্য্যৰ ব্ৰহ্মা আৰু অনাৰ্য্যৰ মনসাক লৈ আমাৰ দেৱতা। মুছলমানৰ চাপকন আৰু ইংৰাজৰ পটলুং লৈ আমাৰ পোছাক।

  • + +

হিন্দুৰ conception-সুৰ ব্ৰহ্ম, শিৱ গায়ক। মহাদেরে সুৰ ধৰিলে, দেৱলোক, চন্দ্রলোক, সূৰ্য্যলোক পাৰ হৈ মগাসুৰ চলিল কোটি কোটি গ্রহ নক্ষত্র সেই সুৰত প্লাবিত কম্পিত হল তথাপি সেই মহাসুৰ চলিল। অনন্ত আকাশত