পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভকত ভাইসকলৰ কাণো নলৰে, মছজিদৰো অপমান নহয়; হয় মাথোন হিন্দুৰ গান বাজনাত হে। এইবোৰ কেনে গঢ়ৰ কথা একা! হিন্দুৱে গোসাঁনী উটাওঁতে বাটত বাজনা বজাই বজাই যোৱাটো ঈশ্বৰৰ পূজা মহোৎসৱত বাটত সংকীৰ্ত্তন কৰি যোৱাটো আজিৰ দস্তুৰ নহয়, কৌটিকলীয়া দস্তুৰ। মুছলমানসকলো হিন্দুস্থানত অনেক শ বছৰৰ অধিবাসী। এনে কাৰ্য সদায় অনেক শ বছৰৰপৰা চলি আহিছে, বলেৰে হাতীটোকে ৰাতিটো নাপাতিলে এইটোক নুই কৰিব নোৱাৰি। আৰু যদি তেনেহে কথা তেন্তে হিন্দুৰ নাম-ঘৰ দৌল-দেৱালয়ৰ ওচৰত আৰু হিন্দুৰ ঘৰৰ কাষত ৰাজআলিৰ ওচৰত আগৰ মুছলমানসকলে কেতিয়াও মছজিদ নাসাজিলেহেঁতেন, আৰু সাজি আজিকালিৰ নিচিনাকৈ আগৰসকলে ঠেহ ধৰাহেঁতেন সেই কালতে হিন্দু-মুছলমানৰ ভিতৰত এটা ’ইস্‌পাৰ-উস্‌পাৰ’ হৈ গ’লহেঁতেন, আজি হাজী চাহাবৰ দৰে সেই বিষয়ত আঙুলি বটিয়াবলৈ নপালেহেঁতেন।

***

       হিন্দুৰ ঈশ্বৰৰ পূজা, অৰ্চ্চা, আৰতি, উপাসনা প্ৰাৰ্থনা সকলোবোৰতে গীত বাদ্যৰ অবিভাজ্য সন্মিলন। গীত বাদ্য হিন্দুৰ উপাসনাৰে সৈতে অঙ্গাঙ্গী সম্বন্ধীয়। এনে স্থলত ৰাজবাটত যদি হিন্দুৱে মুছলমানসকলৰ উপাসনাত ব্যাঘাত হয় বুলি গীত বাদ্য অৰ্থাৎ ঈশ্বৰৰ সংকীৰ্তন বন্ধ কৰিবলগীয়া হয়, তেন্তে মুছলমানসকলেও হিন্দুৰ ঈশ্বৰোপাসনাত ব্যাঘাত জন্মোৱাটো হ'লনে নহ’ল? মুছলমানসকলেও যদি নিজৰ উপাসনাত ব্যাঘাত সহিব নোৱাৰে হিন্দুৱেও নো সহিব কেনেকৈ সেইটো তেওঁলোকে ভাবি নাচায় কিয়? বৈদিক কালৰপৰা সঙ্গীত হিন্দুৰ ঈশ্বৰোপাসনাৰ সঁজুলি। হিন্দু ঋষিয়ে সাম গান কৰি ঈশ্বৰোপাসনা কৰিছিল। মহাশাস্ত্ৰ গীতাও সঙ্গীত। আন নালাগে ছেমিটিকৰ বাইবেলৰ Psalm-ও হিন্দুৰ সামৰ ঠাচ। এনে স্থলত আমাৰ মুছলমান ভাইসকলে বিবেচনা কৰি চলাটোহে শোভন কাৰ্য্য। মুছলমানসকলৰ ভিতৰত ধীৰ, স্থিৰ, বিজ্ঞসকলেও স্বীকাৰ কৰিছে আৰু কেইবাজনে এই নতুন