সমললৈ যাওক

পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আমেৰিকা আবিষ্কাৰ কৰাৰ ১০০০ বছৰৰ আগেয়ে দেয়। প্ৰচাৰকসকলে বৌদ্ধধৰ্ম্ম আমেৰিকালৈ লৈ যায়। সম্প্রতি প্রমাণ পোৱা গৈছে যে পাঁচজন বৌদ্ধ ভিক্ষুৱে ৰাছিয়া উত্তৰ সীমা কামস্কটাইদি প্রশান্ত মহাসাগৰ পাৰ হৈ আলাস্কাইদি আমেৰিকাত সোমাই দক্ষিণৰ মেক্সিকো পথত গৈছিল। মেপ দেখিলেই বুজা যায়, য়ে সেই বাটেদি আমেৰিকালৈ যোৱা টান কথা নহয়; বৰং চীনৰপৰা ভাৰতলৈ অহাতকৈও উজু মেক্সিকোৰ পুৰণি অধিবাসীবোৰক ধৰ্ম্ম আচাৰ, ব্যৱহাৰ আৰু প্রাচীন কীৰ্ত্তিবোৰৰ চিনবোৰে এই ঘটনাৰ সাক্ষী দিয়ে। হিউয়েনচাঙৰ ভ্ৰমণ-বৃত্তান্তত হুইছেন নামেৰে এজন করলবাসী বৌদ্ধভিক্ষুৰ কথা আছে। প্রাচীন চীনৰ প্রস্থবোৰত ফুচং নামেৰে এখন দেশৰ কথা আছে। সেই দেশৰ এজোপা গছৰ নামৰ পৰা ফুচং হয়। মেক্সিকোত "আত্তরে” বা মাগুৱে” নামেৰে যি গছ হয়, তাৰে ফুচং গছ মিলে। ওপৰত কোৱা বৌদ্ধ ভিক্ষুজনে ফুচঙৰপৰা অনেক ভেটি-ভাৰ আনি চীনৰ সম্রাটক দিছিল। এবিধ পাটৰ কাপোৰ তেওঁ দিছিল, যাৰ বিবৰণ মেক্সিকোৰ আগুৱে গছৰ পৰা প্রস্তুত কৰা পাটৰ কাপোৰেৰে মিলে। তেওঁ ৰজাক এখন সৰু দৰ্পণ দিছিল, তেনে দৰ্পণ মেক্সিকোতহে ব্যৱহৃত হৈছিল। সম্রাটৰ আজ্ঞাত হুইছেনৰ ভ্ৰমণ-বৃত্তান্তৰ কথাবোৰ লেখি ৰখা হয়। তাত কাবুলৰ পৰা পাঁচজন বৌদ্ধ ভিক্ষু কোন বাটে গৈ ফুচঙত (অর্থাৎ মেক্সিকোত) ধৰ্ম্ম প্রচাৰ কৰিছিল, সেইবোৰৰ বৃত্তান্ত আছে। ফুচং দেশৰ ৰীতি-নীতি, আৰু দ্রব্যবস্তু ইত্যাদিৰে বৰ্ণনা তাত আছে। এইবোৰ বৰ্ণনা মেক্সিকোৰ আৰু তাৰ আদিম নিবাসীসকলৰ বিষয়ে বটিয়াকৈ মিলি যায়। মেক্সিকোবাসীৰ ভিতৰত এটা জনশ্রুতি আছে যে এজন বগা বৰণৰ বিদেশী, দীঘল, আৰু দীঘল বগা টিলা কাপোৰ পিন্ধা মানুহ সেই দেশলৈ গৈ মানুহবোৰক পাপ পৰিহাৰ, ন্যায়, সত্য ব্যৱহাৰ, শিষ্টাচাৰ, মিতাচাৰ ইত্যাদি ধৰ্ম্মেপদেশ দিয়ে। সেই সাধু পুৰুষজনৰ ওপৰত পিছত তাত অত্যাচাৰ হোৱাত হঠাৎ এদিন ক’লৈ পলাই গ’ল কোনেও ক’ব নোৱাৰে। মাথোন এটা পৰ্ব্বতৰ ওপৰত তেওঁৰ পদচিহ্ন ৰাখি গ’ল। তেওঁক স্মৰণৰ নিমিত্তে ম্যাগডালিন গাঁৱত এটা শিলৰ মূৰ্ত্তি কৰি ৰখা হয়, তাৰ নাম উইচি পেকোকা”– সম্ভৱতঃ "ছই-চেন-ভিক্ষু" নামৰ অপভ্রংশ। স্পেইনৰ মানুহে যেতিয়া আমেৰিকা জয় কৰিছিল, তেতিয়া মেক্সিকোত আৰু মধ্য আমেৰিকাত যেন