সমললৈ যাওক

পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৌদ্ধৰ যদি কোনো নিজস্ব দেবতা থাকে তেখে সেইজন মাৰ। মাৰ মানে মৃত্যুক বুলিব পাৰি, যদি তাৰ বুৎপত্তিৰ ফালে চোৱা যায়। কিন্তু মৃত্যুৰ দেৱতা যমলে সৈতে মাৰৰ বিশেষ সাদৃশ্য দেখা নাযায়; বৰং কামদেবদ সৈতেহে সাদৃশ্য আছে। খৃষ্টানৰ যেনে চয়তান, বৌদ্ধৰ তেনে মাৰ। + 4 + বুদ্ধ যদিও বর্ণাশ্ৰমধৰ্ম্মৰ প্রতি শ্রদ্ধাবান নাছিল, তথাপি দেখা যায় যে তেওঁৰ প্রথম শিষ্যসকলৰ প্রায় এটাইকেইজন ওখকুলীয়া। বুদ্ধ নিজে ক্ষত্রিয়। সাৰীপুত্র, মুদালায়ন কাশ্যপ ব্রাহ্মণা আনন্দ, দেৱদত্ত, বুদ্ধৰ বঙহৰ মানুহ। বাহুল তেওঁৰ পুতেকেই। অনিৰুদ্ধ শুদ্ধোদন ৰজাৰ ভতিজাক। যশ ডাঙৰ বণিয়াৰ ল’ৰা। উপালী যদিও নাপিত, তথাপি ৰজাৰ নাপিত। বুদ্ধৰ সময়ত ভাৰতৰ প্রাচীন ব্রাহ্মণ্য ধৰ্ম্মক কুসংস্কাৰৰ ঢাকোনে আবৰি পেলাছিল। বুদ্ধই সেই কুসংস্কাৰবোৰ দূৰ কৰি, তাৰ সুন্দৰ সুমধুৰ ভাববোৰ ৰক্ষা কৰি, বাহিৰা আড়ম্বৰবোৰ অসার্থক জানি সেইবোৰ দলিয়াই পেলাই ধৰ্ম্মৰ সহজ সৰল সত্যবোৰ গ্ৰহণ কৰি ভাৰতবাসীক মৈত্রী-বন্ধনেৰে জাতিকুল নিৰ্ব্বিশেষে বান্ধিবৰ চেষ্টা কৰিছিল। হিন্দুধৰ্ম্ম প্রচাৰ-সুলভ ধৰ্ম্ম নহয়। হিন্দু হৈ জন্ম নধৰিলে হিন্দু হ’ব নোৱাৰি। বৰ্ণাশ্রমৰ কট্‌কটীয়া বান্ধ। উচ্চ অঙ্গৰ শিক্ষা আৰু সেইবোৰ সৰ্ব্বসাধাৰণৰ সম্পত্তি হোৱাৰ পক্ষে নানা বাধা। বৌদ্ধধৰ্ম্ম ইয়াৰ বিপৰীত। এইদেখিয়েই বৌদ্ধধৰ্ম্মই অচিনতে ভাৰতত ইমানকৈ বিয়পি পৰিছিল।

  • * *

অশোকৰ শিলালিপিবোৰ বাহ্মীলিপি আৰু খৰোষ্টি আখৰেৰে লেখা হৈছিল। ব্রাহ্মীলিপিৰে লিখা লিপি অৱশ্যে সৰহ। ব্রাহ্মীলিপি দেৱনাগৰী আখৰৰ মূল। বাঁওফালৰপৰা সোঁফাললৈ এই আখৰ লিখি যোৱা হয়। খৰোষ্টি আখৰৰ মূল পাৰসীয় আখৰ। সোঁফালৰপৰা বাওঁফাললৈ এই আখৰ লেখাৰ নিয়ম। + + - অনেকৰ এইটো নতুন কথা যেন লাগিব যে কলম্বাছে