উপাসক।" ওপৰৰ কথাৰপৰা স্পষ্ট দেখা যায় যে কৰ্ত্তাভজা হিন্দুৰ ৰূপান্তৰ গুৰু-পূজা আৰু তেওঁলোকৰ ধৰ্ম্ম বেদান্তৰ মায়াবাদৰ প্রতিবাদ। সকলো আচাৰ সকলো ধৰ্ম্ম সত্য, এইটো নিশ্চয় এটা উদাৰ মত।* বাঁহী, ত্রয়োদশ বছৰ, নৱম সংখ্যা, পুহ ১৮৪৫ শক (৬) মুঠতে ভাৰতবৰ্ষৰ ভাষাবোৰক তিনি শ্রেণীত পেলাব পাৰি— আৰ্যভাষা, দ্রাবিড়ীভাষা আৰু আনভাষা। যি ভাষাত ঋকবেদ বিৰচিত হৈছিল, সেই ভাষাই কালক্ৰমত ৰূপান্তৰ আৰু সংস্কৃত হৈ ৰামায়ণ, মহাভাৰত আদি পুৰাণ আৰু কাব্যৰ ভাষা হয়। তাৰপৰাই লাহে লাহে পৰিবৰ্ত্তন ঘটি ঘটি পালি আৰু প্রাকৃত ভাষাবোৰ হয়। এইবোৰৰপৰা माल-नननि घ,ि कॉलङ्कशठ श्निी, खानशीश, दgाली, মহাৰাষ্ট্ৰী, গুজৰাটী, উৰিয়া প্রভৃতি ভাষা হয়। পালি প্রাচীন প্রাকৃত ভাষাৰ ডাল এটা মাথোন। পণ্ডিতসকলে কয়, পালি আৰু মাগধী সম্ভৱতঃ একে ভাষা আছিল। মাগধী পৰিবৰ্ত্তিত হৈ হিন্দী, অসমীয়া আদি নানা ভাষা হৈছে, কিন্তু পালিৰ পৰিবৰ্ত্তন হোৱা নাই। তাৰ কাৰণ গৌতম বুদ্ধৰ ধৰ্ম্মৰ মূল শাস্ত্ৰবোৰ এই পালি ভাষাত ৰচিত হৈ তাক ব্যাকৰণৰ নিয়মৰ শিকলিৰে কট্কটীয়াকৈ বান্ধি লৰ-চৰ কৰিব নোৱৰা কৰি দিলে। এইবাবেই পালি মৰা ভাষাৰ শাৰীত সোমালগৈ। + + - খৃষ্টপূৰ্ব্ব প্রথম শতিকাত বৌদ্ধসম্প্রদায় হীনযান আৰু মহাযান এই দুই শাখাত বিভক্ত হয়। ৰজা কনিষ্কৰ সময়ৰেপৰা এই বিভিন্নতাৰ আৰম্ভ কনিষ্ক সংস্কৃত ভাষাৰ ফলীয়া আছিল। দক্ষিণাত্যত পালি বৌদ্ধৰ শাস্ত্রীয় ভাষা। মহাযানীসকলে সংস্কৃতত বৌদ্ধ গ্রন্থবোৰ ৰচনা কৰি উত্তৰত সংস্কৃতক বৌদ্ধৰ শাস্ত্রীয় ভাষা কৰিলে। সাধাৰণভাৱে কবলৈ গ'লে সিংহল, শ্যাম আৰু ব্ৰহ্মত হীনযান মত প্রচলিত, চীন, জাপান, নেপাল আৰু তিব্বত মহাযান মত প্রচলিত।
পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/৩৫
অৱয়ব