সমললৈ যাওক

পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

একালত হিন্দুসকলৰ যাতায়ত আছিল জাতিভেদ আৰু খোৱা-বোৱাৰ এনে কটকটীয়া নিয়ম নাছিল। জাতিৰ উন্নত অৱস্থাত এনে সংকীর্ণতা থাকিব নোৱাৰে। বৰ্ণভেদ বৈদিক, যুগতো আছিল, বুদ্ধযুগতো আছিল; কিন্তু এনে আকৃতিৰে নাছিল; সেই বর্ণভেদত ঘৃণা, অহঙ্কাৰ, সৰু-বৰ নাছিল; আছিল; সেই কাৰ্য্যগত ব্যৱহাৰ আৰু আচাৰগত। হুন, শক পহ্লব প্রভৃতি জাতিয়ে অনেকবাৰ ভাৰত আক্রমণ কৰি ভাৰতত ৰাজ্য স্থাপন কৰিছিল, আৰু ভাৰতৰপৰা উভতি যোৱা নাছিল। সেইবোৰ কলৈ গ’ল ? সেইবোৰৰ সতিসন্ততি আজিও আমাৰ ভিতৰতে নাইনে? ব্যৱসায়ভেদত সেইবোৰৰ সতি-সন্ততি কোনো ব্রাহ্মণ, কোনো ক্ষত্ৰিয়, কোনো বৈশ্য, কোনো শুত্ৰ হৈ আমাৰ ভিতৰতে আছে। তুৰস্কবংশীয় ৰজা পুষ্ক, জুক আৰু কনিষ্কই ক্রমান্বয়ে কাশ্মীৰত ৰাজত্ব কৰিছিল। কনিষ্কৰ বংশধৰ অভিমনু, সোনন্দ, বিভীষণ, ইন্দ্রজিৎ প্রভৃতি ৩১ জন ৰজাই কাশ্মীৰত ৫৫০ খৃষ্টাব্দ পর্যন্ত ৰাজত্ব কৰে, আৰু এওঁলোক সকলোৱেই হিন্দু। বৌদ্ধধৰ্ম্ম হিন্দুসমাজৰ বহির্ভূত নাছিল; সিও হিন্দু সমাজৰ এটা সম্প্রদায় মাথোন আছিল। ব্রাহ্মণ, ক্ষত্ৰিয়সকলৰ ভিতৰতে অনেক বৌদ্ধ মতাৱলম্বী আছিল; আৰু সেইবাবে তেওঁলোকৰ জাত নগৈছিল, জাত যোৱাহেঁতেন বৌদ্ধ ভাৰত আকৌ হিন্দু-ভাৰত হ’ব নোৱাৰিলেহেঁতেন। মুছলমান হৈ জাত হেৰুৱা পাৰস্য আৰু আফগানিস্থানতো আকৌ পূৰ্ব্বৰ জাতি নাপালে।" “বাঁহী, ত্রয়োদশ বছৰ – ষষ্ঠ সংখ্যা, আহিন, ১৮৪৫ শক। (?) আমাৰ পৃথিৱীখনকে আমাৰ বৰ ডাঙৰ যেন লাগে। কিন্তু আমাৰ এই পৃথিৱী আমাৰ সূৰ্যৰ এক কোটিভাগৰ এভাগতকৈও সৰু। আমাৰ সৌৰ-জগৎ (Solar system) এটা সূৰ্য, আঠোটা গ্রহ (plane)এটা চন্দ্ৰৰে সৈতে ৩৭টা নক্ষত্র বা চন্দ্র, ৮০০ ক্ষুদ্র গ্রহ বা উপগ্রহ বিশিষ্ট। এই সৌৰ-জগতে জুৰি থকা ঠাইডোখৰৰ ব্যাস ছয় "বিলিয়ন" অর্থাৎ ৬ বৃন্দ মাইল। আমাৰ চন্দ্ৰৰ গাত থকা খালবোৰৰ একোটা ইমান ডাঙৰ যে, এই পৃথিৱীত সিমান ডাঙৰ খাল নাই। চন্দ্রত থকা পৰ্ব্বতৰ টিংবোৰ ১৫০০০ ফুটৰপৰা ২০০৭৭