তিৰোতাসকলোৰে কেনে ব্যৱহাৰ কৰিব লাগে।" বুদ্ধই ক’লে – “তেওঁলোকৰ ফালে নাচাবা।” ভিক্ষুসকল – “যদি তেওঁলোক আহি সমুখত পৰে?" বুদ্ধ – “তেওঁলোকক দেখিও নেদেখিবা, আৰু তেওঁলোকেৰে সৈতে কথা-বাৰ্ত্তা নকবা।” ভিক্ষু – “যদি তেওঁলোকে আমাৰ সৈতে কথা কয় তেন্তে কি কৰিম?" বুদ্ধ – “যদি ক’বই লগা হয়, তেন্তে মনত কুভার নাৰাখি পদ্মপত্রস্থিত জলবিন্দুৰ নিচিনা স্বচ্ছ আৰু নির্লিপ্ত থাকিবা।" বুদ্ধই আকৌ ক’লে – “বয়োজ্যেষ্ঠ ৰমণীক মাতৃতুল্য, আৰু অল্পবয়স্ক বালিকাক দুহিতাৰ সমান জ্ঞান কৰিবা৷ পৰস্ত্রীৰ প্রতি কামসক্ত নয়নেৰে দৃষ্টিপাত কৰাতকৈ তপত লো এডোখৰেৰে নিজৰ চকু ঘুকি অনা ভাল। সাৱধান! সংযমী হোৱা কাম ৰিপুক হৃদয়ত ঠাই নিদিবা। ৰমণী সংসৰ্গৰ পৰা দূৰত থাকি তোমালোকে শ্রমণৰ ব্ৰত পালন কৰিবা।” + + + মহাপুৰুষ শ্ৰীমাধৱদেৱ সুন্দৰীদিয়ালৈ অহা শুনি সুন্দৰীদিয়াৰ সুন্দৰীসকলে কাছি পাৰি এদিন তেওঁৰ ওচৰত উপস্থিত হলহি। মাধৱদেৱে অধোমুখে থাকি সুন্দৰীসকলক ক’লে-“তোমালোকে এনে লাস-বেশ কৰি ইয়ালৈ কিয় আহিলা এনেবেশেৰে স্বামীৰ পাশলৈহে যাব লাগে। কোন তিৰোতাই এনেবেশেৰে পুত্ৰৰ ওচৰলৈ আহে?” এই কথা শুনি সুন্দৰীসকলে বৰ লাজ পাই, ইজনীয়ে সিজনীৰ গাৰ আৰত মুখ লুকাই লাহে লাহে দুই এক কৰি তাৰ পৰা গুচি গল। পিছদিনা তেওঁলোকে বৰবিলত গা ধুবলৈ যাওঁতে মাধৱদেৱৰ ভনীয়েক উৰ্ব্বশীক লগ পাই ক’লে"কালি আমি গুৰ মাধৱদেৱক দর্শন কৰিবৰ অভিলাষ কৰি তেওঁৰ কাষলৈ গৈছিলো, কিন্তু তেওঁ আমাক এইদৰে ক’লত আমি লাজ পাই গুচি আহিলোঁহক।" উৰ্ব্বশীয়ে কলে-"দাদা বৰ অৰসিক। তেওঁৰ ওচৰলৈ তোমালোকে এনে লাসবেশে কাছি পৰি নো গৈছিল কিয়? যদি তেওঁক দর্শন কৰিবৰ অভিলাষ কৰিছা, তেন্তে সাত্বিক বেশেষে ভক্তি কৰি মালা গান্ধ লৈ শুদ্ধমনেৰে তেওঁৰ ওচৰলৈ যাবাহক সেইদৰে গলে দর্শন পাবা। মইও আজি দাদাক এই কথা কয় তোমালোক কাইলৈ সেইদৰে যাব৷"
পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/২৮
অৱয়ব