প্রধান বুলি পৰিগণিত হ’ল। কপিলাবস্তুত বুদ্ধদেৱৰ অনেক শিষ্য হয়; সেইসকলৰ ভিতৰত চাৰিজন বিশেষ: উল্লেখযোগ্য । (১) আনন্দ, (২) অনিৰুদ্ধ, (৩) দেৱদত্ত (৪) উপালী। প্রথম তিনিজন বুদ্ধদেৱৰ আত্মীয়। উপালী জাতত নাপিত আছিল। আনন্দ বুদ্ধৰ মাহীয়েকৰ পুতেক। আনন্দ বুদ্ধৰ মৰণকাললৈকে লগতে থাকি গুৰুসেৱা কৰি গুৰুৰ বৰ প্রিয়পাত্ৰ হৈছিল। দেৱদত্ত বুদ্ধৰ খুলশালিয়েক। এওঁ বুদ্ধৰ প্রতি ঈর্ষাপৰায়ণ আছিল। দেৱদত্তৰ ইচ্ছা আছিল, যে তেওঁ নিজে এটা নতুন সম্প্রদায় কৰি গৌতমৰ নিচিনা হয়, আৰু গৌতমক উৰাই দিয়ে। অর্থাৎ দেৱদত্ত গুৰু-মৰা বিদ্যাত প্রোক্ত হৈ পৰিছিল। তেওঁ নানা ষড়যন্ত্র কৰি কৃতকাৰ্য নহৈ শেহত বুদ্ধক মৰাবলৈকো ধনুৰ্ব্বাণধাৰী মানুহ লগাই দিছিল। দেৱদত্তই পঠিয়া মানুহবোৰে গৌতমক মাৰিবলৈ গৈ তেওঁক দেখি হাতৰ অস্ত্র-শস্ত্র পেলাই উলটি তেওঁৰ শিষ্য হৈছিল। এনে গুৰু-মৰা বিদ্যা পৃথিৱীত অনেক দেখিবলৈ পোৱা যায়। আসামতো মহাপুৰুষ শ্ৰীশংকৰদেৱ শ্ৰীমাধৱদেৱ গুৰুকো কাপেৰে মাৰিবলৈ ওলোৱা তেওঁলোকৰ শিষ্য-প্রশিষ্য বিৰল নাছিল আৰু এতিয়াও অনেক আছে। “সৎসম্প্রদায়” লিখা কাপ আৰু তেনে লিখাক ঢোকা দি থিয় কৰিব খোজা কাপবোৰেই অসমীয়া দেৱদত্তবোৰৰ ধনুৰ্ব্বাণ।
- * *
কপিলাবস্তুত বুদ্ধদেৱ থাকোঁতে এদিন তেওঁৰ ঘৈণীয়েক যশোধৰাই সাত বছৰীয়া পুতেক ৰাহুলক ৰাজপোছাক পিন্ধাই বাপেকৰ ওচৰলৈ পঠিয়াই দিলে৷ মাকে পুতেকক এইবুলি কৈ পঠিয়ালে – “সেই যে সাধুজনক দেখিছা, তেৱেই তোৰ বাপেৰ। তেওঁৰ পৰা তই তোৰ-পিতৃ-ধন খুজি আনগৈ।” ৰাহুলে মাকৰ কথামতে বাপেকক ধন-সোণ খুজিলত, বাপেকে ক’লে "বোপা, মোৰ হাতত সোণ-ৰূপ, মণি-মাণিক একো নাই; কিন্তু সত্যৰত্ন আছে তাকেই মই তোক দিব পাৰে, যদি তই মোক কথা দিয়, যে তই সেই ৰত্ন যত্নেৰে সৈতে সদায় ৰাখিবি।” এইকথা কৈ তেওঁ পুতেকক ধৰ্ম্মেপদেশ দিলে, আৰু পুতেকে পিতৃ-উপদেশ গ্রহণ কৰি বৌদ্ধ সমাজত্ব হ’ল। শুদ্ধাধন এই বাতৰি শুনি বুদ্ধৰ ওচৰলৈ আহি বজাৰকৈ পুতেকক ক’লে, “সিদ্ধাথ! তই গলি অনিক