আহি পুতেকক ক’লে “এই জনেইনে আমাৰ শাকাকুল প্রদীপ যুৱৰাজ সিদ্ধাৰ্থ? তুমি দুৱাৰে দুৱাৰে ভিক্ষা মাগি ফুৰিছা, এইটো মোৰ সহ্য হয় নে? বোপা, এনেকুৱা কেনেকৈ হ’ল ?” বুদ্ধই উত্তৰ দিলে “মহাৰাজ! মোৰ কুল ধৰ্ম্মই এই।” ৰজাই ক’লে “এইটো কি কথা? কোন বংশত তোমাৰ জন্মঃ ক্ষত্রিয়বংশী ৰজাসকল তোমাৰ পিতৃপুৰুষ নহয় নে? তেওঁলোকৰ ভিতৰত কোনোবাই কেতিয়াবা ভিক্ষী-বৃত্তি অৱলম্বন কৰিছিল, এই কথা কোনোৱে কেতিয়াবা শুনিছিল নে?” গৌতমে ক’লে, “মোৰ বংশ ৰাজবংশ নহয়; বুদ্ধসকল মোৰ পূৰ্ব্বপুৰুষ। তেওঁলোকৰে চিৰকলীয়া প্রথা অনুসৰি মই ভিক্ষুক হৈ ৰাজদ্বাৰলৈ আহিছোঁ। কিন্তু মহাৰাজ, এই যে মলিন কাপোৰ পিন্ধা দীনহীন ভিকহুক দেখিছে, আত্মপ্রভাব আৰু প্ৰেমৰ বলেৰে মহাপ্রতাপশালী ৰাজৰাজেশ্বৰতকৈও আজি তাৰ আসন ওখত মই যে অক্ষয় অমূল্য ৰত্ন ভেটি লৈ আহিছে। সেই ভেটি পিতৃদেৱতাৰ চৰণত সমর্পণ কৰিবৰ মোৰ একান্ত ইচ্ছা প্রসন্ন হৈ মোৰ ভেটি লওক|” শুদ্ধোধনে এই কথা শুনি অলপ অপ্রতিভ হৈ পুতেকৰ হাতৰপৰা ভিক্ষাপাত্ৰটো লৈ তেওঁক নিজৰ ঘৰলৈ লৈ গ’ল। তাত ৰজা-প্রজা আৰু মন্ত্ৰীসকলক বুদ্ধই ধৰ্ম্মেপদেশ প্রদান কৰিলে। বুদ্ধৰ উপদেশ শুনি শুদ্ধোদন সন্তুষ্ট হ’ল, তেওঁৰ মনৰপৰা সকলো সংশয় দূৰ হ’ল৷ ৰাজপুত্র কাৰেঙত সোমালত তেওঁক অভ্যর্থনা কৰিবলৈ ৰাজ-পৰিবাৰৰ মতাতিৰোতা সকলোবোৰ অহিল, কিন্তু যশোধৰা নাই। বুদ্ধই সুধিলে “যশোধৰা ক’লৈ গল?" যশোধৰা নাহে, শুনি ৰাজপুত্রই বাপেকেৰে সৈতে যশোধৰাৰ খোটালিত সোমালগৈ। তেওঁ গৈ দেখিলে যশোধৰাই মলিন কাপোৰ পিন্ধি আউল-বাউল চুলিৰে এচুকত বহি আছে। স্বামীক দেখি যশোধৰাৰ চকুলোৰে ভৰি গ’ল, আৰু গিৰিয়েকৰ ভৰি দুখনত ধৰি কান্দিবলৈ ধৰিলে। পিছত ওচৰতে শহুৰেকক দেখিহে, উঠি এফলীয়া হ’ল। যশোধৰাই অতকাল পতিবিৰহ কষ্টত অনাহাৰ অনিদ্ৰাত কটোৱা কথা বাপেকে খুলি সিদ্ধার্থক ক’লত, সিদ্ধার্থৰ মন কুমলি গ’ল, আৰু তেওঁ যশোধৰাক এটা “জাতক" গল্প কৈ উপদেশ দি সন্থনা কৰিলে। ইয়াৰ পিছত বিদায় লৈ বুদ্ধদেৱ গুচি গ’ল। বুদ্ধৰ উপদেশে যশোধাৰ মন আকর্ষণ কৰিছিল; আৰু পিছত বৌদ্ধসকলৰ ভিতৰত সন্ন্যাসিনী শ্রেণী স্থাপিত হ’লত যশোদাৰ সেই শ্রেণীভুক্ত হৈ তেওঁলোকৰ ভিতৰত
পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/২৩
অৱয়ব