পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উলুৱনিত জুই লগাই দূৰৰপৰা ৰং চায় আৰু গিৰিহঁতক “খুচী” কৰি নিজে ডাঙৰ হ’বলৈ আৰু লৰালুৰিক ডাঙৰ কৰিবলৈ দিহা কৰে। দেশত বৰ যুঁজ হ’লে শগুণ-শিয়ালৰ মহা আনন্দ হয়; কাৰণ তেতিয়া সিহঁতে শ খাই পেট ভৰাই লোদোৰপোদোৰ হ’বৰ উপায় ওলায়, ইতি পিণ্ডিতাৰ্থ।

***

       আমি যেনে অৱস্থাত পৰিছোঁ, আমাৰ ভিতৰত উলুৱনিত জুই লগাই দূৰৰপৰা ৰং চোৱা কিছুমান থাকিবই। যেতিয়ালৈকে ভেদ নীতিৰ দ্বাৰাই দেশ শাসিত থাকিব তেতিয়ালৈকে এনে মানুহৰ ওৰ নপৰে। আৰু শাসকসকলৰ পক্ষে এই নীতিৰো আৱশ্যকতা নাযায় – যেতিয়ালৈকে দেশ বন্ধুতা আৰু প্ৰীতিৰ অস্ত্ৰেৰে শাসিত নহৈ তাৰোৱালেৰে শাসিত হৈ থাকিব। এইবাবেই আত্মশাসনৰ আৱশ্যক। আত্মশাসনে ভাই-ভাইৰ লগত ডিঙি কটাকটিৰ ওৰ পেলায়। আকৌ আন ফালে ভাই-ভায়ে ডিঙি কটাকাটি কৰি থাকিলেও আত্মশাসন লাভ হোৱা কঠিন। সেইদেখি ভাৰত এতিয়া, দুইও দুইফালে দুইৰো নেগুৰ গিলিবলৈ ধৰা দুটা সাপৰ মেৰপাক অৱস্থাত। এনে সঙ্কট সময়ত ভাৰতক ঈশ্বৰে নাৰাখিলে আৰু কোনে ৰাখে।

***

       ভাৰতত হিন্দুৰ আৰু মুছলমানৰ সৰহভাগেইই অশিক্ষিত। এমুঠি শিক্ষিতে এই অশিক্ষিত বৃন্দক জ্ঞান বুদ্ধি আৰু পৰামৰ্শৰে চলাব পাৰে, আৰু চলায়। এই এমুঠি শিক্ষিতৰ ভিতৰৰ স্বাৰ্থপৰসকলে নিজৰ স্বাৰ্থ বা মৎলব সিদ্ধিৰ অৰ্থে, আৰু নিস্বাৰ্থপৰসকলে নিজৰ স্বাৰ্থ বলি দি দেশৰ মঙ্গলৰ অৰ্থে বিপুল অশিক্ষিত কাৰ্য্যত