সমললৈ যাওক

পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধৰ্ম্ম আধ্যাত্মিক ৰাজ্যৰ বস্তু। অসীম, গম, নিৰঞ্জন বিষয়ে চিন্তা কৰা আৰু নিজক সেই en. পিতাৰ সন্নিধ্য লাভৰ অধিকাৰী কৰা কাৰ্যৰ এan আলম্বন। ধৰ্ম্মক বিবেক আৰু প্রজ্ঞাৰ ওপৰত ক., শাসন কৰিবলৈ দিয়াটো উচিত নহয়। মানুহৰ বিবে: প্রণোদিত কাৰ্যৰ স্বাধীনতাৰ ওপৰত ধৰ্ম্মৰ আচn. ব্যৱহাৰ ঠাই দিলে জীৱনৰ স্বাধীনতা খর্ব হৈ জীবন পয়ালগা আৰু কদাকাৰ হৈ পৰে। যি ধৰ্ম্মৰ এক মাথোন কাৰ্য আমাক চলাই লৈ গৈ আধ্যাত্মিক ৰাজ্যৰ ৰজাৰ সমৰ্থ কৰাটো সেই ধৰ্ম্মৰ তেওঁৰ ওখ আসন আৰু ওখ কাৰ্যৰপৰা নমাই আনে – আমি যদি পূবমুখীয়া হৈ ভাত খোৱা উচিত নে পশ্চিমমুখীয়া হৈ উচিত, মঙ্গলবাৰে বেঙেনা পোৰা খোৱা উচিত নে শুকুৰবাৰে খোৱা উচিত, কলিতাৰ হাতে পানী খাব পায় নে কোচৰ হাতে পায়, এনেবোৰ কামৰ তদ্বিৰ কৰিবলৈ লগালে, সেই ধৰ্ম্মৰ হেতা-ওপৰত পৰি জীৱন আৰু মান কোঙা, খোৰা চাকোলা হয়। গৱৰ্ণজেনেৰেলক তেওঁৰ ন্যায্য কামৰ পৰা এৰুৱাই আনি পুলিচৰ হেড কনিষ্টবলৰ কাম কৰিবলৈ দিলে প্রজাৰ যেনে বিধৰ উন্নতি হ’ব, অসংখ্য শিষ্যৰ আধ্যাত্মিক উন্নতিৰ বিধান কৰোত আৰু শিষ্যৰ মঙ্গলৰ চিন্তাত নিমগন থাকোতা সন্ত সাধু এজনক তেওঁৰ সেই কাৰ্য্যৰ পৰা এৰুৱাই আনি শিষ্যৰ ঘৰত লগুৱালি কৰিবলৈ লগাই দিলে যেনে হ’ব, ইও তেনে বিধৰ কথা হয়।

***

লগুণ, উপবীত বা যজ্ঞোপবীত। উপনয়নৰ আচল মানে, যি সংস্কাৰে ছাতৰক শিক্ষাগুৰুৰ ওচৰলৈ লৈ যায়। গুৰিতে উপবীত বা যজ্ঞোপবীত মানে সূতাকেইডাল নাছিল। উপ-বে বা বা ত= উপবীত। বো বা বা ধাতুৰ অর্থ ঢকা। অর্থাৎ এনে এটা বস্তু লোৱা হৈছিল যাৰ দ্বাৰ গা ঢকা যায়। সূতাডালচেৰেকেৰে গা ঢকা সম্ভৱ নহয়। সেইদেখি গুৰিতে এই বস্তুটো এনেকুৱা আছিল, যাৰ দ্বাৰাই গা ঢাকিব পৰা গৈছিল। বাওঁবাহুৰ ওপৰেদি সোবলি তলেদি এই ঢাকোনখন লোৱা নিয়ম অর্থাৎ উত্তৰীয় বই যেনেকৈ লোৱা হয় তেনেকৈ পোছাকক দুভাগত বিভক্ত কৰা হৈছিল, উত্তৰীয় আৰু অন্তৰীয়। উত্তৰীয় মানে শৰীৰৰ