পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পেলাই নিদিয়ে তেতিয়ালৈকে মানৱ জাতিৰ প্রকৃত মঙ্গলময় বুৰঞ্জী অসম্পূর্ণ থাকিব । টুর্কিস্থানৰ ৰজাই আফগানিস্থানৰ ৰজাক মাৰি আফগানিস্থান লুটিলে, মণ্টিনিগ্রোৱে চাৰ্ভিয়া দেশখন পুৰি খাস্তাং কৰিলে, জাপানে মেঞ্চুৰিয়াখন গিলিলে, এইবোৰ বৰ্ব্বৰতাৰহে বিৱৰণ মনুষ্যত্বৰ বুৰঞ্জী নহয় । পৰস্বাপহৰণ, পৰৰাজ্য আক্রমণ, পৰশ্ৰীকাতৰতা, হিংসা, বিদ্বেষ, আৰু নিজে ডাঙৰ আৰু বলী হৈ দুৰ্ব্বলৰ ওপৰত ছলে-বলে কৌশলে অত্যাচাৰ কৰাটো "নেশ্যনেলিজম” (জাতীয়তা) হব পাৰে, কিন্তু সি উদাৰতা, ধৰ্ম্মনিষ্ঠা, ন্যায়, নীতি, পৌৰুষ, শৌৰ্য্য, সাহসিকতা আৰু ঈশ্বৰপৰায়ণতা নহয়, নিশ্চয় ।

***

আজিকালিযাক "নেশ্যনেলিজম" (Nationalism) বোলে সেই “নেশ্যনেলিজম”অর্থাৎ জাত্যাভিমান আৰু জাতি স্বাতন্ত্র্য ভাৰতত এই গঢ়েৰে কেতিয়াও নাছিল । ভাৰতে জাতীয়তাক ঈশ্বৰপৰায়ণতা আৰু মানুহৰ পৰস্পৰলৈ অনুকম্পাৰ ওপৰত কেতিয়াও ঠাই দিয়ানাই “স্বৰ্গতো অধিক জনম-ভূমিৰ” মানে যি জনম-ভূমিয়ে মোক জন্ম দিছে, সেই জনম-ভূমি, মোৰ চকুত স্বগতকৈও অধিক আৰু Reverence for God and humanity offs Fo প্রতি ভক্তি আৰু মনুষ্যৰ প্রতি অনুকম্পা, কৰুণা আৰু সহানুভূতিৰে উজ্জ্বল।“যেনতেনপ্রকাৰেণ”নিজৰ জন্মভূমিক আৰুজাতক জাত্যাভিমান আৰু জাতি-স্বাতন্ত্রাৰে ডাঙৰ কৰাটো আৰু ডাঙৰ কৰি দেখাটো ভাৰতৰ শিক্ষা নহয় । পাশ্চাত্য বুৰঞ্জীৰে সৈতে ভাৰতীয় বুৰঞ্জীৰ এইখিনিতে ডাঙৰ অমিল । আমি পাশ্চাত্য শিক্ষা পাই পাশ্চাত্য বুৰঞ্জীৰ কলমৰ গছ ভাৰত বুৰঞ্জীৰ গাত ৰুবলৈ গৈয়েইতো যত অনর্থ ঘটাইছো, আৰু ঘটাবলৈ গৈছেহিক ভাৰতভূমিৰ মঙ্গলৰ বাট ভাৰতীয়ৰ হাতত ভাৰতীয়মতেহে মুকলি ভাৰতেজন্মগত পৈতৃকস্বত্ব য়ুৰোপক বেচি দিবলৈ যোৱাৰ আগেয়ে অতি দকৈ ভবা দৰ্কাৰ, মুকুতা বেচি দি শোকোতা আনিছে নে নাই, লোকৰ খাৰ বাজীৰ চকমকীয়া পোহৰ দেখি ভাৰতে নিজৰ ঘৰৰ জ্বলি থকা চাকিবোৰ নুমাই দিলে, তেওঁৰ অদৃষ্টত চিত্ৰ এন্ধাৰ মাথোন।