পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আছিল। গুৰুদাস বাবুৰ কক্ষ সজ্জাও তদ্রুপ। তেওঁৰ পৰিবাৰৰ সকলোৱে এই কুৰি শতিকাতো খৰম ব্যৱহাৰ কৰে। এওঁলোক এটাই কেউজনৰ আহাৰো তেনেকুৱা অতি সামান্য ৰকমৰ । অৱশ্যে গুৰুদাস বাবু আৰু যতীন্দ্রমোহন ঠাকুৰ পৰিষ্কাৰ পৰিচ্ছন্ন । সুৰেন্দ্রনাথ বন্দ্যোপাধ্যায় আৰু শিশিৰবাবুৰ সেইফালে দৃষ্টি নাই । সুৰেন্দ্রবাবুৰ বেঙ্গলী অফিচ সম্পূর্ণ আড়ম্বৰ হীন । জালবাজাৰ অঞ্চলত এটা বহল একতলা খোটালী খোটালীটোৰ বেৰবোৰ মলি, আৰু যুগব্যাপী অনেক কলঙ্কচিহ্নেৰে কলঙ্কিত কোনো কালত যদি সেই বেৰবোৰত চূণৰ বোল পৰিছিল, তেন্তে সেই বেৰ চাৰিখন সেই ঘটনা একেবাৰেই পাহৰি পেলাইছে । মাজতে বাতৰিকাকত আৰু অনেক আবর্জনাৰ ভাবেৰে প্ৰপীড়িত এখন সামান্য আৰু পালিচশূন্য আৰুমহীৰে ৰঞ্জিত মেজ সমুখতে এখন মলিয়ন জীর্ণ চকী,তাতে স্বয়ংসুৰেন্দ্র বাবু বহে। মেজখনৰ বাওঁফালে এখন কাঠৰ বেঞ্চ, আৰু আন দুফালে তিনি চাৰিখন পুৰণি মলিয়ান চকী – কোনোখন কোঙা, কোনোখন খোৰা; আৰু এটাই কেউখনেতে টাপলি মৰা এই খোটালীতে স্বনামখ্যাত সুৰেন্দ্রনাথৰ সম্পাদকীয় তীর্থ-ক্ষেত্র –Editorial Sanctum. কলিকতাৰবাগৰজাৰত শিশিৰবাবু আৰু মতিবাবুৰ এটা ডাঙৰ দুমহলা ঘৰ। বোধহয় এক শতিকা এই ঘৰটো মেৰামত হোৱা নাই । তাৰ বাহিৰত আৰু ভিতৰত ছাপাখানাৰ উপকৰণবোৰ যদৃচ্ছাভাৱে সিচৰতি হৈ আছে। গোটেইখন ঠাই ধূলি মাকটি আৰু জাবৰেৰে পৰিপূৰ্ণ । ওপৰলৈ উঠা খটখটিটো ঠেক আৰু তাৰ মাজে মাজে ভগা । ঘৰ আৰু খটখটিৰে সৈতে অনেক বছৰ শোটা বাঢ়নীৰে দেখা-সাক্ষাৎ হোৱা নাই । বাৰাণ্ডাত এখন মলিয়ন সৰু কেম্প টেবোল, তাৰ একাষে এখন ভগা চকীত অমিতবিক্রম ইংৰাজৰাজ্যৰ হৃৎকম্পকাৰী খৰ্ব্বাকৃতি মতিলাল ঘোষে দুটা আঠুৰ মাজত মূৰটো থৈ বহি আছে, আৰু নিকৃষ্ট গজত পেঞ্চিলেৰে ৰাজনৈতিক ব্ৰহ্মাস্ত্ৰবোৰ ৰচনা কৰিছে । কঁকালত এখন মোটা মলিয়ান চুৰিয়া, আৰু গাত গুদাম নথকা এটা মলিয়ান বগা চোলা। তেওঁৰ সমুখত মেজৰ ওচৰতে এখন সামান্য বেঞ্চ, আৰু বাওঁফালে উৰহৰ-বাহ-এখন পুৰণি চকী চকীখনৰ হাত এটা বোধহয় পলাচীৰ যুদ্ধৰ সময়তে উৰি গ’ল । মেজৰ আনপিনে মলিয়ন পকীবেৰ তাত যে কেতিয়াবাচুণ পৰিছিল এই কথা তুমি শপত খাই কব নোৱাৰা । এই সম্পাদকীয়