পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত অতিথি-সেৱক তেওঁ সকলোকে আতিথ্য প্রদান কৰি অতিথি সৎকাৰ কৰি বিভিন্ন আচাৰ-ব্যৱহাৰৰ নানা জাতৰ অতিথিক যথাযোগ্য ঠাইদি, যথাযোগ আসন,আহাৰদি যোগাই আনন্দেৰে সেৱা-সৎকাৰ কৰে, ভাৰতেও তাকে কৰি আহিছে এই কাম বৰ আহুকলীয়া কাম। এই কাম কৰিবলৈ যাওঁতে ওলোৱা অলেখ আহুকালবোৰ মোৰ নোলোবা আহুকাল কিন্তু বিশ্বমানৱতাৰ একতালৈ লক্ষ্য ৰাখি, সকলো মানুহৰো আত্মা এক ৰাম অর্থাৎ সকলো মানুহকে সৰল সহানুভূতি আৰু শ্রদ্ধাৰে এইকাম হাতত ললে,নিশ্চয় কৃতকার্য হোৱা যায়। ভাৰতে এই প্রণালীয়েদি চলি এই মহৎ আৰু টান কাৰ্য্যত অনেক দূৰ কৃতকাৰ্য হৈছিল। উপনিষদৰ কালৰে পৰা বৰ্ত্তমান কাললৈকে মহাপুৰুষসকলে এই কাৰ্যত সফলতা লাভ কৰিবৰ চেষ্টা কৰি আহিছে। তেওঁলোকৰ প্রধান পুৰুষাৰ্থ, যাতে মানুহৰ ভেদজ্ঞান গৈ ব্ৰহ্মজ্ঞান জাগ্রত হয়। সেই দেখিয়ে ভাৰতৰ প্রাচীন কালৰে পৰা ৰাজ্য বা সম্রাজ্যৰ উত্থান পতনৰ ফালে ভাৰতৰ ভ্ৰক্ষেপ নাই, চকু মাথোন মানুহৰ সামাজিক আৰু আধ্যাত্মিক উন্নতি লাভৰ বৃত্তান্তৰ ফালেহে। এইবাবেই প্রাশ্চাত্য হিচাপত যাক বুৰঞ্জী বোলে, সেই ভাৰত বুৰঞ্জী ভাৰতত নাই –কাৰণ ভাৰতে তেনে বুৰঞ্জীক অকিঞ্চিৎকৰ বুলি ভাবি তাৰ প্রতি সদায় উদাসীন। প্রাচীন কালৰে পৰা ভাৰতত ৰজাই ৰজাই যুদ্ধ, দেশে দেশে খৰিয়াল, প্রবঞ্চনা, প্ৰতাৰণা, পূর্ণৰূপে চলিছে, কিন্তু ভাৰতৰ জনসাধাৰণ সেইবোৰত নিৰুদ্বেগ, কাৰণ, প্রকৃততে সেইবোৰ তেওঁলোকৰ নহয়; তেওঁলোকৰ ঘৰ, খেতি, পথাৰ, দেৱতাৰ –পূজা আচর্চা পঢ়াশালি, য’ত অধ্যাপক আৰু ছাতৰ একেলগে ঘনিষ্ঠভাৱে থাকি শিক্ষাৰ আদান-প্রদান কৰে, পঞ্চয়ত, ঘৰুৱা শান্তি আৰু সহজ-জীৱন যাপন –এইবোৰহে তেওঁলোকৰ; সেই দেখি তেওঁলোকৰ ৰজা যুধিষ্ঠিৰেই হওক বা দুৰ্য্যোধনেই হওক, পৃথিৰাজেই হওক বা জয়চন্দ্রই তাত তেওঁলোক নির্লিপ্ত এই দেখি পাশ্চাত্য মতে যাক Nation বা Nationalism বোলে ভাৰতত নাই বিশ্বমানলেই ভাৰতৰ “নেসান” আৰু "বসুধৈব কুটুম্বকং” এই ভাৰতৰ “নেস্যনেলিজাম” । পাশ্চাত্য "নিস্যনেলিজম’ ধন বল আৰু ৰাজনৈতিক বলেৰে মহাবলী হোৱা সুশৃঙ্খলিত সুপৰিচালিত এটা ডাঙ্গৰ যন্ত্র বা কলমাথোন, তাত মানৱতা(humanity)উচ্চনৈতিকতা,"হদয়তা”আৰু