পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গাঁথি এধাৰ ভাৰতীয় মালা প্রস্তুত কৰিবলৈ ভাৰতক চেয় কৰিছে । সেই মালাধাৰৰ আচল নাম মানবতাৰ (Humanity) মালা । সেই মালাৰ ভিতৰত অনুদাৰ সঙ্কীর্ণতাৰ য়ুৰোপীয় হিচাপৰ“নেষ্যনেলিজয়"(National. ism) বা নেসান (Nation) নাই, সেই মালাত আছে “নেস্যন", সেই জাতি এই জাতীয় হিতৈষিতা বা সেই স্বদেশপ্রাণতা নহয়। ভাৰতক যিসকল আর্য-ঋষি ধৰ্ম্মসংস্কাৰক আৰু ধৰ্ম্মসংস্থাপক মহাপুৰুষে পদধূলি দি ধন্য কৰিছে, সেইসকলৰ চিন্তাৰ বিষয় – বিশ্বমানৱৰ মঙ্গল, আৰু সম্পর্ক – বসুন্ধৰাব্যাপী কুটুম্বিতা ।

  • R* Problem race problem offsä জাতীয় মানুহলৈ ভাৰতে নিজৰ কোলাত ঠাই উলিয়াই দিছে প্রবলৰ হতুৱাই দুৰ্ব্বলক সমুলঞ্চে বিনাশ কৰাইয়ুৰোপীয়সকলৰ দৰে race problem অৰ পোনপটিলsolutionমীমাংসা কৰা নাই । ভাৰতে আর্য, অনার্য, দ্রাবিড়, কোল, চিথীয়, শক, হুন সকলোলৈকে নিজৰ অঙ্কত স্থান নিৰ্দ্দিষ্ট কৰি বিশ্বমানৱতাৰ সন্মান অক্ষুণ্ণ ৰাখি আহিবৰ চেষ্টা কৰিছে । ভাৰতৰ প্রধান অভিলাষ – সকলো জাতীয় মানুহে স্বকীয় নির্দিষ্ট স্থানত থাকি পৰস্পৰ হিংসাশূন্যভাৱে স্বকীয় নির্দিষ্ট। কৰ্ম্ম কৰি সৃষ্টিকৰ্ত্তৰ অধীনত জগৎযন্ত্ৰৰ একো একোটা অঙ্গপ্রতঙ্গ হৈ বিশ্ব-মানৱতাৰ ঐক্যতানেৰে ঈশ্বৰৰ মহাসিংহাসনৰ সন্মুখত তেওঁৰ জয়গান কৰি জীৱন ধন্য কৰক ।

এই নিমিত্তে গুৰিতে আর্য ঋষিসকলৰ দ্বাৰাই গুণকৰ্ম্মগত জাতি বিভাগৰ সৃষ্টি। কিন্তু কালক্ৰমত গুণ-কৰ্ম্মগত জাতি বিভাগ ভাৰতৰ দুৰ্ভাগ্যৰ নিমিত্তে কটকটীয়া জন্মগত হৈ ভাৰতক পক্ষাঘাত ৰোগী কৰি পেলালে। এই নিমিত্তেই পিছৰ কালৰ এই ৰোগ— জন্মগত জাতিভেদৰ পৰা ভাৰত মুক্ত নহলে ভাৰতৰ ৰক্ষা নাই। গুৰিৰ জাতিভেদ বা জাতি বিভাগে যেনেকৈ ভাৰতত মঙ্গল প্রসৱ কৰিছিল, পিছৰ জাতিভেদে ভাৰতক তেনেকৈ অমঙ্গলৰ অন্ধকূপত পলাই হত্যা কৰি আহিব লাগিছে। o - +