পৃষ্ঠা:কাহুদি আৰু খাৰলি (Kahudi aru Kharali.pdf/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খৰলি (b) মানুহৰ জাতীয় বুৰঞ্জীস্বদেশৰ অৱস্থা অনুসাৰে গঠিত হয় যি দেশত জীৱিকা নিৰ্ব্বাহৰ সামগ্রী অল্পায়াসসাধ্য সেই দেশৰ মানুহ কষ্টকৰ শাৰীৰিক পৰিশ্রম বিমুখ আৰু কোমল প্রকৃতিৰ হয়। যি দেশত ইয়াৰ ওলোটা অৱস্থা আৰু দিনে ৰাতিয়ে শক্ৰৰ আক্রমণৰ পৰা নিজক ৰক্ষা কৰিবৰ নিমিত্তে সাজু হৈ থাকিবলগীয়া হয়, সেই দেশৰ মানুহৰ প্রকৃতি কষ্টসহিষ্ণু আৰু কঠোৰ হয়। ভাৰতবৰ্ষৰ ভিতৰতে বিভিন্ন প্ৰদেশৰ মানুহৰ প্রকৃতিবিভিন্ন দেশৰ জলবায়ু আৰু পাৰিপাশ্বিক অৱস্থানুসাৰে এইদৰে বিভিন্ন প্ৰকাৰে গঠিত হৈছে। স্কুৰোপৰ একো একোখন দেশৰ প্রাকৃতিক অৱস্থা গোটেইখন দেশতে একে ৰকমৰ আৰু সেই দেশবাসী মানুহৰ আকৃতিপ্রকৃতি ধৰ্ম্মকৰ্ম্মও প্রায় একে ৰকমৰ; সেইদেখি সেই সেই দেশৰ মানুহসকলো কাৰ্যৰ অৰ্থে সহজে মিলি সঙ্ঘবদ্ধ হৈ শকত হৈ উঠিব পাৰে।ভাৰতত তেনে অৱস্থাৰ বিপৰীত, সেইদেখি ভাৰতক সমগ্ৰ ভাৰতবাসীৰ ভিতৰত ঐক্য বন্ধনৰ Rafa Horse sRoof whole world in miniature অর্থাৎ গোটেই পৃথিৱীৰ ক্ষুদ্র তাঙ্গৰণ বিশেষ গোটেই পৃথিৱীৰনানা ঠাইত বিৰাজিত জাৰ-জহ আদি প্রাকৃতিক অৱস্থা ভাৰতত, গোটেই পৃথিৱীৰ নানা তৰহবাসী মানুহ ভাৰতবাসীৰ ভিতৰত ইত্যাদি, ইত্যাদি । সেইদেখি ভাৰতৰ জীৱন-সমস্যা সমগ্র পৃথিৱীৰ জীৱন-সমস্যাৰ তুল্য। গোটেই য়ুৰোপ নানা দেশ নানা জাতিৰে বিভক্ত যদিও সেই দেশবোৰ আৰু সেই জাতিবোৰ প্রধানতঃ একৰে ভগ্নাংশ কিন্তু ভাৰতৰ বুকুত থকা দেশবোৰ আৰু মানুহবোৰ যদিও ওপৰে ওপৰে দেখোতে এক, বাস্তৱিকতে সেইবোৰ একৰ ভগ্নাংশৰ সমষ্টিনহয়, গাই-গোটা অনেক অঙ্কৰ হে সমষ্টি । ভাৰতে এই বিভিন্ন দেশ আৰু বিভিন্ন জাতিক অতীজৰে পৰা উদাৰভাৱে নিজৰ বুকুত ঠাই দি আহিছে। বিভিন্ন জাতীয় মানুহক সামৰি লৈ সেইবোৰৰ ভিতৰত মিলৰ সূতাডাল বিচাৰি উলিয়াই এটাইবোৰকে সেই সূতা ডালেৰে